NORTHEAST NOW (Assamese)

কৰ’না কালত শ্মশানৰ পৰা মৃতকৰ কাপোৰ চুৰি কৰি বিক্ৰী! ৭জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

May 10, 2021 10:25 am · এন ই নাও নিউজ

কৰ’না কালতো চুৰি কৰাৰ পৰা বিৰত নাই। শ্মশান তথা কবৰস্থানৰ পৰা মৃতদেহৰ কাপোৰ চুৰিৰ অভিযোগত আৰক্ষীৰ জালত পৰিল এক চক্ৰ।

দেওবাৰে আৰক্ষীয়ে এই চক্ৰৰ ৭জনক গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশৰ বাগপট অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযুক্তসকলে মৃতদেহৰ ব্যৱহাৰ কৰা কাপোৰ কানি আৰু সামগ্ৰী চুৰি কৰিছিল।

আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে অভিযুক্তসকলে মৃতকৰ বিছনাৰ চাদৰ, শাৰী, ব্যৱহৃত পোছাক চুৰি কৰে।

তেওঁলোকৰ পৰা ৫২০খন বিছনাৰ চাদৰ, ১২৭টা কূৰ্তা, ৫২খন শাৰী তথা আন বহুতো কাপোৰ উদ্ধাৰ কৰে।

তেওঁলোকে সেইবোৰ ধূই ইস্ত্ৰি কৰি গোৱালিয়ৰৰ এটা কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰে। অঞ্চলটোৰ কাপোৰৰ ব্যৱসায়ীসকলৰ সৈতেও এই চক্ৰটোৰ সম্পৰ্ক আছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে আটক কৰা সকলৰ ভিতৰত ৩জন একেটা পৰিয়ালৰে। যোৱা ১০ বছৰ ধৰি তেওঁলোকে চোৰৰ চক্ৰটো চলাই আছে।

আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে চুৰিৰ অভিযোগৰ লগতে মহামাৰী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

Related News