NORTHEAST NOW (Assamese)

উত্তৰ প্ৰদেশত পৰিয়ালৰ লোকৰ মাজতে সম্পত্তি হস্তান্তৰ হ’লে দিব নালাগিব ষ্টাম্প শুল্ক

June 16, 2022 12:27 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: June 16, 2022 12:37 pm

উত্তৰ প্ৰদেশ চৰকাৰে পৰিয়ালৰ সদস্যৰ মাজতে সম্পত্তি হস্তান্তৰৰ ক্ষেত্ৰত ষ্টাম্প শুল্ক ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে। ৰাজ্য খনত সম্পত্তি হস্তান্তৰৰ ক্ষেত্ৰত সাত শতাংশ ষ্টাম্প শুল্ক প্ৰযোজ্য আছিল।

শেহতীয়াকৈ পৰিয়ালৰ লোকৰ সম্পত্তিৰ হস্তান্তৰৰ ক্ষেত্ৰত সম্পত্তি পঞ্জীয়নৰ ওপৰত ষ্টাম্প শুল্ক প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱটোত শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চৰকাৰে অনুমোদন জনাইছে।

চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি সম্পত্তি পৰিয়ালৰ লোকৰ মাজতে স্থানান্তৰ হ’লে তেনে সম্পত্তিৰ ওপৰত সাত শতাংশ ষ্টাম্প শুল্কৰ পৰিৱৰ্তে স্থানান্তৰ মাচুল হিচাপে মাত্ৰ ৬,০০০ টকা আদায় দিব লাগিব।

ইয়াৰ ভিতৰত ৫,০০০ টকা পঞ্জীয়ন মাচুল হ’ব আৰু ১,০০০ প্ৰচেছিং মাচুল হিচাবে গ্ৰহণ কৰা হ’ব।

পৰিয়ালৰ সদস্যসকলৰ ভিতৰত পত্নী, নাতি-নাতিনী, ভাই-ভনী, মাতৃ, পিতৃ, সন্তান, বোৱাৰী আৰু জোঁৱাই আদিক ধৰা হ’ব৷

এজন জ্যেষ্ঠ বিষয়াই কয় যে কেইবাজনো লোকে মাচুল আদায় দিয়াৰ পৰা সকাহ পাবলৈ সম্পত্তিৰ মালিকীস্বত্ব লাভৰ বাবে পাৱাৰ অফ এটৰ্নীৰ আশ্ৰয় লৈছিল।

এতিয়া তেনে মাচুল আদায়ৰ সমস্যাৰ পৰা জনসাধাৰণে সকাহ পাব বুলি তেওঁ মন্তব্য কৰে৷

অৱশ্যে তেনে সম্পত্তি পৰিয়ালৰ লোকৰ মাজতে হস্তান্তৰ হ’লেহে এই সুবিধা পোৱা যাব৷

Related News