NORTHEAST NOW (Assamese)

ভাৰতৰ জাৰ্চি পিন্ধি খেলাৰ সুযোগ বৈভৱ সূৰ্যবংশীৰ! শ্ৰীলংকাৰ বিৰুদ্ধে দল ঘোষণা বিচিচিআইৰ

May 14, 2026 7:03 pm · এন ই নাও নিউজ, গুৱাহাটী

 মাত্ৰ ১৫ বছৰ বয়সতে বিস্ময়কৰ প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে ভাৰতৰ জাৰ্চি পিন্ধি খেলিবলৈ সুযোগ লাভ কৰিলে। শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে দল ঘোষণা কৰিছে। এই শৃংখলাত ভাৰতৰ প্ৰতিদ্বন্দ্বী হৈছে শ্ৰীলংকা আৰু আফগানিস্তান।

বৰ্তমানৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ দুৰন্ত প্ৰদৰ্শন আগবঢ়াইছে এই কিশোৰ বেটছমেনগৰাকীয়ে। ১১খন মেচত ৪৪০ ৰান সংগ্ৰহ কৰিছে। তদুপৰি, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে বিস্ফোৰক শতক অৰ্জন কৰি বৈভৱে ইতিমধ্যে বাতৰিৰ শিৰোনাম দখল কৰিছে।

সেই প্ৰদৰ্শনৰ পুৰস্কাৰ হিচাপে তেওঁ এইবাৰ ভাৰতৰ ‘এ’ দললৈ আমন্ত্ৰণ লাভ কৰিছে। ইয়াৰ পূৰ্বে বিহাৰৰ সমস্তিপুৰৰ বাসিন্দা নতুন চাঞ্চল্য ক্ৰিকেটাৰগৰাকীয়ে ভাৰতীয় দলৰ হৈ ৰাইজিং ইণ্ডিয়া দলতো খেলিছিল।

ত্ৰিদেশীয় শৃংখলাৰ পিছত ভাৰত ‘এ’ দলে শ্ৰীলংকা ‘এ’ৰ বিৰুদ্ধে দুখন মাল্টি ডে মেচ খেলিব। যদিও সেই ছিৰিজৰ বাবে দলটো পিছত ঘোষণা কৰা হ’ব। ডাম্বুল্লাত এদিনীয়া খেল অনুষ্ঠিত হ’ব আৰু গালেত মাল্টি ডে খেলৰ আয়োজন কৰা হ’ব। এই শৃংখলাত ভাৰতীয় দলটোক নেতৃত্ব দিব তিলক ভাৰ্মাই। ৰিয়ান পৰাগক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে।

দলটোত আছে প্ৰিয়ংশ আৰ্য্য, আয়ুষ বদোনী, নিশান্ত সিন্ধু, হৰ্ষ ডুবে, সূৰ্য্যংশ শ্বেডেজ, প্ৰভসিমৰন সিং, কুমাৰ কুশাগ্ৰা, বিপ্ৰজ নিগম, যশ ঠাকুৰ, যুৱৰাধ সিং, অংশুল কম্বোজ আৰু আৰ্ছাদ খান।

ত্ৰিৰাষ্ট্ৰীয় শৃংখলাত ভাৰতীয় দলটোৱে ৰাউণ্ড ৰবিন পৰ্যায়ত শ্ৰীলংকা আৰু আফগানিস্তানৰ বিৰুদ্ধে দুখনকৈ মেচ খেলিব। ৯ জুনত প্ৰথমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে বৈভৱে খেলিব। ১৯ জুনত গ্ৰুপ পৰ্যায়ৰ অন্ত পৰিব। ২১ জুনত ফাইনেল। ইয়াৰ পিছত মাল্টি ডে খেল অনুষ্ঠিত হ’ব। অৱশ্যে সেই ছিৰিজৰ বাবে দলটো পিছত ঘোষণা কৰা হ’ব।

ব’ৰ্ডে জনাইছে যে, ‘ডাম্বুল্লাত অনুষ্ঠিত হ’ব সীমিত অভাৰৰ মেচ। গালেত আয়োজন কৰা হ’ব মাল্টি ডে মেচ।’ অৱশ্যে এতিয়া সকলোৰে দৃষ্টি বৈভৱৰ ওপৰত। শ্ৰীলংকা ভ্ৰমণৰ সময়ত যুৱ বেটছমেনগৰাকীয়ে কেনে খেলে সেয়া চাবলৈ আগ্ৰহী ক্ৰিকেট অনুৰাগীসকলে।

ত্ৰিদেশীয় ছিৰিজৰ বাবে ইণ্ডিয়া দল:

তিলক ভাৰ্মা (অধিনায়ক), প্ৰিয়ংশ আৰ্য্য, বৈভৱ সূৰ্যবংশী, ৰিয়ান পৰাগ (উপ অধিনায়ক), আয়ুষ বদোনী, নিশান্ত সিন্ধু, হৰ্ষ ডুবে, সূৰ্য্যংশ শ্বেডেজ, প্ৰভসিমৰণ সিং (উইকেটকীপাৰ), কুমাৰ কুশাগ্ৰা (উইকেটকীপাৰ), বিপ্ৰজ নিগম, যশ ঠাকুৰ, যুধবীৰ সিং, অংশুল কম্বোজ, আৰ্শাদ খান।

Related News