NORTHEAST NOW (Assamese)
দেশ

নিষেধাজ্ঞা নেওচি ভাৰতলৈ নেপালৰ বিলাহী: ঘোচ লৈ চাকৰি হেৰুৱালে বিষয়াই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2023 8:05 am
tomatoe price

ভাৰতত আকাশলংঘী হৈছে বিলাহীৰ দাম। বিলাহীৰ এই অকল্পনীয় দৰ বৃদ্ধিক লৈ চৰ্চাৰ জোৱাৰ উঠিছে সামাজিক মাধ্যমৰ লগতে ৰাজনৈতিক মঞ্চতো। দেশৰ বিভিন্ন স্থানৰ পৰা পোহৰলৈ আহিছে বিলাহী কেন্দ্ৰিক নানা ঘটনা।

বিলাহীৰ এই চৰ্চাৰ মাজতে ধৰা পৰিছে চুবুৰীয়া দেশ নেপালৰ পৰা ভাৰতলৈ বিলাহী সৰবৰাহৰ ঘটনা। লক্ষণীয়ভাৱে চুবুৰীয়া দেশখনৰ পৰা ভাৰতলৈ শাক-পাচলি আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

পিছে এই নিষেধাজ্ঞা উলংঘা কৰি দুখন গাড়ীয়ে নেপালৰ পৰা ভাৰতলৈ বিলাহীকে ধৰি আন শাক-পাচলি ভাৰতলৈ অনাৰ ভিডিঅ’ চিচিটিভি কেমেৰাত বন্দী হৈছে। সীমান্ত আৰক্ষীয়ে এই বাহন দুখন আটক কৰি ভাৰত-নেপাল সীমান্তত থকা ভাৰতীয় শুল্ক কাৰ্যালয়লৈ প্ৰেৰণ কৰে।

কিন্তু ধনৰ বিনিময়ত সৰবৰাহকাৰী কেইগৰাকীক এৰি দিয়ে বিভাগৰ বিষয়াসকলে। ইয়াৰ পিছতে তাৎক্ষণিকভাৱে শুল্ক কাৰ্যালয়ৰ সকলো বিষয়াক নিলম্বন কৰা হয়।

উল্লেখ্য যে ভাৰতত বিলাহীৰ মূল্য ১০০ ৰ পৰা ১৫০ টকা হোৱাৰ বিপৰীতে নেপালত প্ৰতি কেজি বিলাহীৰ মূল্য ৬০ টকা। কিন্তু ভাৰতলৈ একাধিক শাক-পাচলিৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে নেপালৰ ব্যৱসায়ীসকলৰ সমুখত সমস্যাৰ সৃষ্টি কৰিছে।