NORTHEAST NOW (Assamese)

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

January 22, 2021 8:57 am · উত্তম শইকীয়া
ফটো: নর্থইষ্ট নাও।

বোকাখাতত অনুষ্ঠিত হোৱা কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানতে বৃহস্পতিবাৰে অসম চৰকাৰৰ পশু কল্যাণ  বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক এখন পশুধন সাৰথি নামৰ এম্বুলেঞ্চ প্ৰদান কৰা হয় ৷

কাজিৰঙাৰ বন্যপ্ৰাণীৰ চিকিৎসাৰ বাবে ব্যৱহৃত হোৱাকৈ এই বিশেষ এম্বুলেঞ্চখন  আনুষ্ঠানিকভাৱে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ হাতত অৰ্পণ কৰে কৃষি আৰু পশু কল্যাণ মন্ত্ৰী অতুল বৰাই ৷

বোকাখাতৰ প্ৰদৰ্শনী থলীতে আয়োজিত এক বিশেষ অনুষ্ঠানত কৃষি মন্ত্ৰী গৰাকীৰ লগতে জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে৷

উল্লেখ্য যে বোকাখাতত অনুষ্ঠিত কৃষি আৰু উদ্যান শস্যৰ প্ৰদৰ্শনীতে অসম চৰকাৰৰ  পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কামৰূপ মহানগৰ জিলা, গোলাঘাট জিলা, কাছাৰ জিলা আৰু অসম কৃষি বিশ্ববিদ্যালয়কো একোখনকৈপশু ধন সাৰথি এম্বুলেঞ্চ প্ৰদান কৰা হয় ৷

বন্যপ্ৰাণীৰ কল্যাণৰ বাবে প্ৰদান কৰা এই এম্বুলেঞ্চ খনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দীৰ্ঘদিনীয়া এক অভাৱ পুৰণ কৰিব ৷

Related News