NORTHEAST NOW (Assamese)

গো-ৰক্ষাৰ বাবে অস্ত্ৰ তুলি ল’বলৈ উচতনি বিশ্ব হিন্দু পৰিষদৰ নেত্ৰী সাধ্বী সৰস্বতীৰ

December 14, 2021 7:29 pm · এন ই নাও নিউজ, গুৱাহাটী

আইনৰ শাসনক ভ্ৰুকুটি দেখুৱাই দেশত এতিয়া হিন্দুত্ববাদী সংগঠনৰ অপকৰ্ম বৃদ্ধি পাইছে। শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মুকলি পৃষ্ঠপোষকতাতে হিন্দুত্ববাদী দল সমূহে স্বয়ং সম্পূৰ্ণ ৰূপত আত্মপ্ৰকাশ কৰিছে।

এইবাৰ গো- ৰক্ষাৰ নামত এক প্ৰকাৰে আইন হাতত তুলি ল’বলৈ উচতনি দিছে বিশ্ব হিন্দু পৰিষদৰ নেত্ৰীয়ে। বিশ্ব হিন্দু পৰিষদৰ (ভিএইচপি) নেত্ৰী সাধ্বী সৰস্বতীয়ে হিন্দু ধৰ্মাৱলম্বী লোকক তেওঁলোকৰ গৰু আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে তৰোৱাল তুলি ল’বলৈ আহ্বান জনাইছে।

ভিএইচপিৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ভাষণ দি সাধ্বী সৰস্বতীয়ে কয় যে ফোনত লাখ লাখ খৰচ কৰাৰ পৰিৱৰ্তে মানুহে গৰুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তৰোৱাল আৰু অস্ত্ৰ ক্ৰয় কৰা উচিত।

সাধ্বীয়ে কয় যে যদি মানুহে লাখ লাখ টকাৰ ফোন ক্ৰয় কৰিব পাৰে, তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ গৰুৰ সুৰক্ষাৰ বাবে ঘৰত অস্ত্ৰ ক্ৰয় আৰু ৰাখিব পাৰে। ই নিশ্চিত কৰিব যে মানুহে তেওঁলোকৰ ‘ঐশ্বৰিক মাতৃ’ক সুৰক্ষা দিব।

উদুপী জিলাত এক সমাৱেশক সম্বোধন কৰি সাধ্বীয়ে লগতে কয় যে তেওঁ এটা গোহালিত জন্মগ্ৰহণ কৰিছিল আৰু গৰু হত্যা প্ৰতিৰোধ কৰাটো তেওঁৰ কৰ্তব্য।

“মোৰ জন্মৰ দিনৰ পৰাই মোৰ দুটা সংকল্প আছিল। এটা হ’ল ভগৱান ৰামৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰা আৰু আনটো ভাৰতত গৰু হত্যা বন্ধ কৰা,” সাধ্বীয়ে কয়।

Related News