NORTHEAST NOW (Assamese)

বলীউদৰ নতুন গুঞ্জন! হঠাতে চৰ্চাৰ মাজলৈ ভিকি-কেটৰিনা যুগলবন্দী

August 10, 2020 10:07 am · এন ই নাও নিউজ
ভিকি কৌশল আৰু কেটৰিনা কাইফ।

বলীউদত বিগত বহু দিনৰ পৰাই ভিকি কৌশল আৰু কেটৰিনা কাইফক লৈ মুখৰোচক কাহিনী চলি আছিল। গুপুতে গুপুতে হেনো দুয়ো প্ৰেমত মচগুল।

এইবাৰ সেই জল্পনা-কল্পনাৰ অৱসান ঘটি যেন স্পষ্ট হৈ পৰিল দুয়োৰে সম্পৰ্কৰ কথা। কৰাণ পাপাৰাজিৰ কেমেৰাত কেটৰিনা কাইফৰ ঘৰৰ সন্মুখত ধৰা পৰিল ভিকি কৌশল।

বাতৰি অনুসৰি, কেটৰিনাৰ ঘৰৰ সন্মুখত গাড়ীৰ পৰা নামে ভিকি।

সেই সময়ত ভিকি কৌশলে পৰিধান কৰিছিল টী-ছাৰ্ট আৰু পেন্ট। কৰ’নাৰ বাবে মাস্কেৰে ঢকা আছিল মুখ।

এই ছবি প্ৰকাশ হোৱাৰ পাছতে কেটৰিনা আৰু ভিকিৰ অনুৰাগীসকল ব্যস্ত হৈ পৰে। দুয়োগৰাকী তাৰকাকে শুভেচ্ছাৰে উপচাই দিয়ে।

বহুতেই ‘ভিকট্ৰিনা’ বা ‘ভিককেট’ বুলি অভিহিত কৰিছে যুটীটোক। বলীউদৰ অতি সুন্দৰ যুগলবন্দী হিচাপে বিভিন্নজনে মন্তব্যও কৰিছে।

বলীউদত আৰম্ভ হোৱা গুঞ্জন যেন সত্য হ’বলৈ আগবাঢ়িছে। তাৰেই অনুমান কৰি অনুৰাগীসকল উৎসাহিত হৈ পৰিছে।

পূৰ্বে ‘কফি উইথ কৰণ’ অনুষ্ঠানত ভিকি আৰু কেটৰিনাই অভিনেতা হিচাপে দুয়ো দুয়োজনকে পছন্দ কৰাৰ কথা প্ৰকাশ কৰিছিল।

বলীউদৰ এই শেহতীয়া গুঞ্জন যদি সত্য হয়, তেতিয়াহ’লে আৰু এক ‘হিট তাৰকা’ যুটীক লৈ সৰৱ চৰ্চাৰ বাট মুকলি হ’ব।

ভিকি কৌশল বৰ্তমান শ্যাম মানকেশ’ৰ বায়’পিক লৈ ব্যস্ত আছে। ছবিখনত ভিকিৰ সৈতে অভিনয় কৰিছে আন এগৰাকী বলিষ্ঠ অভিনেতা মনোজ বাজপেয়ীয়ে আৰু ছবিখন পৰিচালনা কৰিছে মেঘনা গুলজাৰে।

আনহাতে কেটৰিনা কাইফ বৰ্তমান তেওঁৰ পৰৱৰ্তী ছবি ‘ফোনভূত’ক লৈ ব্যস্ত আছে।

Related News