NORTHEAST NOW (Assamese)

চৰকাৰৰ সহায়ৰ পৰা বঞ্চিত জইটাং স্বায়ত্ব শাসিত জিলাৰ অন্তৰ্গত কৃষি নিৰ্ভৰ জনসাধাৰণ

November 23, 2018 4:23 pm · পান্না ঘোষ
Updated: November 23, 2018 4:28 pm

ত্ৰিপুৰাৰ ধৰ্মনগৰ মহকুমাৰ পৰা ১৫ কিঃমিঃ নিলগত অৱস্থিত জইটাং স্বায়ত্ব শাসিত জিলাৰ অন্তৰ্গত গাঁৱৰ অধিবাসীসকলে তেওঁলোকৰ কৃষিভূমিত উৎপাদিত হোৱা সামগ্ৰী বিক্ৰি কৰি জীৱন ধাৰণ কৰি আহিছে। এই এলেকাটোত বলিচেৰা, পুষ্পপাৰা, টংচজাৰা, জইটাং, থাগনাগ, জাৰুলমুৰা, নোৱাগাং, তিনগোৰী আদি ৮খন গাওঁ পঞ্চায়ত আছে আছে আৰু প্ৰায় ১০০০ একৰ মাটিকালি আগুৰি আছে। এই এলেকাটো ৰসাল ফলমূল উৎপাদন কৰাৰ বাবে বিখ্যাৎ। বিশেষকৈ নপকা কঠাল, আনাৰস, তামোল, নেমু, লেচু, চজিনা আদি উৎপাদন কৰাৰ বাবে এই এলেকাটো বিখ্যাৎ। ১৯৬৪ চনত এই গাঁও স্তাপন কৰা হৈছিল আৰু তেতিয়াৰে পৰা এই গাঁৱত ফলমূল আৰু শাক-পাচলিৰ খেতি কৰা হৈ আহিছে। ইয়াতে মুঠ ১৭০০ পৰিয়াল বাস কৰে আৰু তেওঁলোক হালম সম্প্ৰদায়ৰ লোক। তেওঁলোকে খৃষ্টিয়ান ধৰ্মত দীক্ষিত।

সকলো কৃষিজাত সামগ্ৰীৰ ভিতৰত তামোল হৈছে তেওঁলোকৰ মুখ্য কৃষি। নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তামোলৰ উৎপাদন আৰু বজাৰ উৰ্ধমূখী হয়। প্ৰতি বছৰ ইয়াত অতি কমেও ১৫০০০ টন তামোল উৎপাদিত হয় আৰু অসম, নতুন দিল্লী, মেঘালয়, চেন্নাই, বাংগালুৰু আদি ঠাইত বিক্ৰি হয়।

উল্লেখযোগ্য যে উচ্চ গুণমান বিশিষ্ট তামোল প্ৰতি বস্তাত ১৮০০ টকাত বিক্ৰি হয় আৰু নিম্ন মানৰ তামোল প্ৰতি বস্তাত ১০০০ টকাত বিক্ৰি হয়। কৃষকসকলে জনাইছে যে চৰকাৰে কোনো মনোযোগ নিদিয়াৰ বাবে ব্যৱসায় বৃদ্ধি কৰিব পৰা নাই।

তামোল বুটলা মহিলা শ্ৰমিকে দৈনিক ২৫০ টকা লাভ কৰে। তেওঁলোকে জনাইছে যে তামোলৰ পৰা লাভ যথেষ্ট কম হোৱা বাবে তেওঁলোকে মজুৰি বৃদ্ধিৰ বাবে দাবী কৰিব নোৱাৰে।

এই গাঁৱৰ পৰা তামোল ক্ৰয় কৰা ব্যৱসায়ী কেইগৰাকীমান হৈছে জামাল উদ্দিন, দিলৱাৰ হুছেইন, হেলাল উদ্দিন ইত্যাদি।

পবন ৰয় হালাম হৈছে এই গাঁৱৰ এগৰাকী বাসিন্দা ৫০ কানি মাটি আছে। ইয়াতে তেওঁ কৃষিকাৰ্য কৰে। আনহাতে তেওঁলোকে জনায় হে তালাচী চকীত কি ধৰণৰ কৰ দিয়া হয় সেই কথা তেওঁলোকে নাজানে।

Related News