ভাইৰেল ভিডিঅ’ : এন আই টি, শিলচৰৰ ছাত্ৰৰ হাতত প্ৰহৃত হোষ্টেলৰ তিনি ৰান্ধনী

অসমৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি) শিলচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে ছাত্ৰই ৰান্ধনীক প্ৰহাৰ কৰাৰ ঘটনাৰ দৃশ্য।
প্ৰাৰম্ভিক খবৰ অনুসৰি যোৱা বুধবাৰে এন আই টি শিলচৰৰ ৯ নং হোষ্টেলৰ তিনিগৰাকী ৰান্ধনীক হোষ্টেলৰ আৱাসী সকলে বেয়াকৈ প্ৰহাৰ কৰে।
এই ঘটনাত গুৰুতৰভাবে আহত হোৱা এজন লোকক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। আৰু বাকী দুজনক প্ৰাথমিক চিকিৎসাৰ অন্তত যাবলৈ দিয়া হয়।
সূত্ৰ অনুসৰি এন আই টি শিলচৰৰ ৪ নং হোষ্টেলৰ আৱাসী এজন ছাত্ৰৰ মোবাইল ফোন নিৰুদ্দেশ হোৱাৰ পিছত চুৰিৰ সন্দেহত হোষ্টেলটিত ৰান্ধনী হিচাপে নিয়োজিত বিকি ৰি, মোনা দাস, আৰু ৰাজকুমাৰ ধৌছাদক ছাত্ৰৰ এটা দলে গাড়ীৰে ৯ নং হোষ্টেললৈ লৈ গৈছিল। তাতে ছাত্ৰৰ দলটোৱে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৰান্ধনী তিনিগৰাকীক।
ঘটনাস্থলীত দুজন নিৰাপত্তাৰক্ষীৰ উপস্থিতিত আছিল যদিও নিৰাপত্তাৰক্ষীৰ সমুখতে প্ৰহাৰ কৰা হৈছিল ৰান্ধনী তিনিগৰাকীক। প্ৰহাৰৰ সময়ত বাধা দিয়াৰ পৰিৱৰ্তে কেৱল চাই আছিল নিৰাপত্তাৰক্ষী দুগৰাকীয়ে।
এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত সচেতন ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰি বিষয়টোৰ সৈতে জড়িত প্ৰতিজন ছাত্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
লগতে পঢ়কঃ লাইচেন্সৰ দৰকাৰ নাই! কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে কম মূল্যত ৫ খন ই-স্কুটাৰ, পাব দীঘলীয়া মাইলেজ
লগতে পঢ়কঃ চুপাৰি ছিণ্ডিকেটৰ অভিযুক্ত বিজেপি নেতা জিতুমণি দাসক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই
লগতে পঢ়কঃ দিহা-ভৰসা – আপোনাৰ সমস্যা, সমাধান আমাৰ – প্ৰেৰণ কৰক আপোনাৰ সমস্যাটো