NORTHEAST NOW (Assamese)

বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত গঢ়িলে নতুন বিশ্ব অভিলেখ; পিছ পৰি ৰ’ল শচীন

December 2, 2020 11:13 am · এন ই নাও নিউজ

ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে কেনবেৰা ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

কোহলীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১২,০০০ ৰানৰ সংখ্যা অতিক্ৰম কৰিছে।

ইয়াৰ লগে লগে ৰান মেচিন বিৰাট কোহলীয়ে এক বিশ্ব ৰেকৰ্ডো গঢ়ে। এই ক্ষেত্ৰত অধিনায়ক গৰাকীয়ে শচীন টেণ্ডুলকাৰৰ দৰে মহান খেলুৱৈক পিছ পেলাইছে।

সোঁহতীয়া বেটছমেন বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত দ্ৰুততম ১২,০০০ ৰান কৰাৰ বিশ্ব অভিলেখ গঢ়ে।

তেওঁ শচীন টেণ্ডুলকাৰ, ৰিকি পণ্টিং, কুমাৰ চাংগাকাৰা, সনথ জয়সূৰ্য্যা আৰু মহেলা জয়ৱৰ্দ্ধনেৰ দৰে মহান খেলুৱৈক অতিক্ৰম কৰিছে।

বিৰাট কোহলীয়ে কেৱল মাত্ৰ ২৪২টা এদিনীয়া ইনিংছ খেলিয়েই ১২,০০০ ৰান সংগ্ৰহ কৰে, আনহাতে ইয়াৰ বাবে শচীন তেণ্ডুলকাৰক প্ৰয়োজন হৈছিল ৩০০টা এদিনীয়া ইনিংছ।

এইদৰে বিৰাট কোহলীয়ে সকলোকে ছেৰ পেলাই আন এক বিশ্ব অভিলেখৰ গৰাকী হ’ল।

উল্লেখ্য যে, আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেনবেৰা গ্ৰাউণ্ডত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন মেচত কোহলীয়ে ২৩ ৰান সংগ্ৰহ কৰাৰ লগে লগে তেওঁ এদিনীয়া ক্ৰিকেটত ১২,০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ ষষ্ঠগৰাকী বেটছমেন হিচাপে পৰিণত হয়।

এই ক্ষেত্ৰত তেওঁ ভাৰতৰ দ্বিতীয় খেলুৱৈ। তেওঁৰ আগতে ভাৰতীয় দলৰ বাবে এদিনীয়া ক্ৰিকেটত শচীন টেণ্ডুলকাৰে ১২,০০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে।

১২,০০০ ৰান কৰা দ্ৰুততম ক্ৰিকেটাৰ

১. বিৰাট কোহলী- ২৪২টা ইনিংছ

২. শচীন টেণ্ডুলকাৰ-৩০০ টা ইনিংছ

৩. ৰিকী পণ্টিং-৩১৪টা ইনিংছ

৪. কুমাৰ ছাংগাকাৰ-৩৩৬টা ইনিংছ

৫. ছনথ জয়সূৰ্য্যা-৩৭৯টা ইনিংছ

৬. মহেলা জয়বৰ্দ্ধনে-৩৯৯টা ইনিংছ

উল্লেখ্য যে ইয়াৰ পূৰ্বে ছিডনীত খেলা শৃংখলাৰ দ্বিতীয়খন মেচত কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২২,০০০ ৰান সম্পূৰ্ণ কৰে। এই ক্ষেত্ৰতো বিৰাট কোহলী বিশ্বৰ দ্ৰুততম ক্ৰিকেটাৰ।

Related News