NORTHEAST NOW (Assamese)

দল পৰাস্ত হ’লেও দেওবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দুটা অভিলেখ কিং কোহলীৰ

November 30, 2020 5:37 pm · এন ই নাও নিউজ
Updated: November 30, 2020 5:44 pm

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম ২২০০০ ৰান সংগ্ৰহ কৰাৰ অভিলেখ অৰ্জন কৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে।

দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০,০০০ ৰান সম্পুৰ্ণ কৰে।

কোহলীক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২২০০০ ৰান সংগ্ৰহ কৰাৰ বাবে মুঠ ৪৫২ টা আন্তঃৰাষ্ট্ৰীয় ইনিংছৰ প্ৰয়োজন হয়।

বিগত বৰ্ষত কোহলীয়ে বিশ্বৰ দ্ৰুততম ২১০০০ আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িছিল।

দেওবাৰৰ খেলখনত কোহলীয়ে ৮৭ টা বলত ৮৯ ৰান সংগ্ৰহ কৰি আউট হয়।

আনহাতে, উক্ত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলতে বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত ২০০০ ৰান সংগ্ৰহ কৰা তৃতীয় গৰাকী ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

কোহলীৰ পূৰ্বে শচীন টেণ্ডুলকাৰ আৰু ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০০ ৰান সংগ্ৰহ কৰিছিল।

Related News