NORTHEAST NOW (Assamese)
অসম

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বখনিকৰ বিশ্বকৰ্মা পূজাৰ আয়োজন

Posted by: এন ই নাও নিউজ September 17, 2018 8:34 am

আজি অৰ্থাৎ ১৭ ছেপ্টেম্বৰত পালন কৰা হ’ব বিশ্বখনিকৰ বিশ্বকৰ্মা পূৰ্জা। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজা উপলক্ষে ব্যাপক আয়োজন কৰা হৈছে।

বিভিন্ন কাৰখানা, ছপাশাল আদিৰ উপৰি যান-বাহনৰ গৰাকীসকলেও জাক-জমকতাৰে বিশ্বকৰ্মা পূজা উদ্‌যাপনৰ প্ৰস্তুতি চলাইছে।লগতে সজা পৰাই তোলা হৈছে পূজা মণ্ডপ সমূহো।

উল্লেখযোগ্য যে আজি বিশ্বকৰ্মা পূজা উপলক্ষে নীলাচল পাহাৰৰ নামনিত থকা উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰতো পূজাৰ ব্যাপক আয়োজন কৰা হৈছে। ভক্তসকলে আজি পূজা আগবঢ়োৱাৰ উদ্দেশ্যে এই মন্দিৰত ভিৰ কৰিবহি।

ইফালে বিশ্বকৰ্মা পূজা উপলক্ষে মহানগৰীৰ প্ৰায় প্ৰতিখন বজাৰেই বিশ্বকৰ্মাৰে মূৰ্তিৰে ভৰাই তোলা হৈছে। আকৃতি অনুসৰি ১৫০ টকাৰ পৰা ৫ হাজাৰ টকালৈ মূৰ্তিৰ দাম নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে আন একাংশই ব্যৱসায়ীয়ে আকৌ বিশ্বকৰ্মা পূজাৰ সুযোগ লৈ পূজাৰ সামগ্ৰীবোৰৰ অভাৱনীভাৱে  মূল্য বৃদ্ধি কৰা দেখা গৈছেে। এটা কলপুলি প্ৰায় ২০০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে পদুম ফুলৰ কলিৰ দাম ১০টকা, নাৰ্জি ফুলৰ একোডাল মালাৰ দাম ৩০ টকালৈ বৃদ্ধি পোৱাৰ লগতে পঞ্চপল্লৱ এমুঠিৰ দাম ১০০ টকা, এমুঠা আম পাতৰ দাম ৫০ টকা, মাটিৰ টেকেলি ৩০ টকাৰ পৰা ৩৫ টকালৈ বৃদ্ধি পাইছে।

সমান্তৰালকৈ ফলমূলৰ বজাৰতো বিশ্বকৰ্মা পূজা উপলক্ষে ফলমূলৰ দাম বহু বৃদ্ধি পোৱা দেখা গৈছে। কিন্তু ইয়াৰ মাজতে আজি ৰাজ্য জুৰি পালন কৰা হ’ব বিশ্বকৰ্মা পূজা।