NORTHEAST NOW (Assamese)

ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

August 23, 2025 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 22, 2025 8:12 pm

চুলিৰ যত্নৰ বাবে ভিটামিন ডি শৰীৰৰ স্বাস্থ্যৰ বাবে এক অপৰিহাৰ্য উপাদান। হাড় শক্তিশালী ৰখাৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে ইয়াৰ ভূমিকা সকলো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ। অৱশ্যে কেৱল শৰীৰৰ বাবেই নহয়, চুলিৰ স্বাস্থ্যৰ বাবেও ভিটামিন ডি সমানেই অপৰিহাৰ্য। এই ভিটামিনৰ অভাৱ হ’লে হাড় আৰু পেশীৰ সমস্যা হ’ব পাৰে, লগতে চুলি সৰা প্ৰৱণতাও বৃদ্ধি পাব পাৰে।

বিশেষজ্ঞসকলৰ মতে যেতিয়া মূৰৰ গুৰিৰ চুলিৰ গুৰিবোৰ শক্তিশালী হয় তেতিয়াহে নতুন চুলি গজিব পাৰে আৰু পুৰণি চুলি সুস্থ হৈ থাকিব পাৰে। ভিটামিন ডিয়ে ফোলিকলবোৰ সুস্থ কৰি ৰখাত ফলপ্ৰসূ ভূমিকা পালন কৰে। নিয়মীয়া খাদ্যত ভিটামিন ডি সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে।

এই ক্ষেত্ৰত কণীৰ কুহুম এক অসাধাৰণ খাদ্য উপাদান। ইয়াত থকা প্ৰটিন, স্বাস্থ্যকৰ চৰ্বি আৰু খনিজ পদাৰ্থই চুলিৰ গঠন শক্তিশালী কৰি ৰখাত সহায় কৰে। তদুপৰি ওমেগা-৩ ফেটি এচিডযুক্ত মাছ যেনে ছালমন বা চাৰ্ডিন মাছ মূৰৰ ছাল আৰু চুলিৰ বাবে অতি উপকাৰী। নিয়মিতভাৱে এনে খাদ্য খোৱাৰ ফলত চুলি সৰা কমি যায় আৰু চুলি ডাঠ হয়।

খাদ্যৰ লগতে সহজেই ঘৰতে ভিটামিন ডি সমৃদ্ধ চুলিৰ পেক বনাব পাৰিব।

কেনেকৈ বনাব-

দুটা কণীৰ কুহুমৰ লগত এচামুচ নাৰিকল তেল আৰু কেইটোপালমান মৌ মিহলাই এটা আচৰিত চুলিৰ পেক বনাব। ২০ মিনিটমান চুলিত থৈ তাৰ পাছত ধুই পেলালে মূৰৰ ছালে পুষ্টি লাভ কৰিব আৰু চুলি সৰা কম হ’বলৈ আৰম্ভ কৰিব।

তেলীয়া মূৰৰ ছাল থকাসকলে একেটা পেকতে নেমুৰ ৰস আৰু এলোভেৰা জেল দিব পাৰে। ইয়াৰ ফলত মূৰৰ ছাল সতেজ হৈ থাকে আৰু উফি কমি যায়।

Related News