NORTHEAST NOW (Assamese)

আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰিল ভাৰতীয় মূলৰ বিবেক ৰামাস্বামী

January 16, 2024 12:01 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী বিবেক ৰামাস্বামীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আইঅ’ৱা ককাছত জয়লাভ কৰাৰ পিছত মঙলবাৰে এই কথা ঘোষণা কৰে ৰামাস্বামীয়ে।

আইঅ’ৱা ককাছৰ ফলাফলৰ পিছতে প্ৰাৰ্থীত্বৰ পৰা আঁতৰি অহা ৰামাস্বামীয়ে কয় যে জনসাধাৰণে কাক বিচাৰে সেই বিষয়ে স্পষ্টকৈ কৈছে।

তেওঁ লগতে দলীয় প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পলৈ সমৰ্থন আগবঢ়াব বুলিও ঘোষণা কৰে আৰু আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ জয় নিশ্চিত কৰিবলৈ পূৰ্ণ সহযোগ কৰিব বুলিও ঘোষণা কৰে।

উল্লেখ্য যে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আইঅ’ৱাত অনুষ্ঠিত ৰিপাব্লিকান প্ৰাৰ্থীত্বৰ নিৰ্বাচনত প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে জয়লাভ কৰে।

ট্ৰাম্পৰ পিছতে ফ্ল’ৰিডাৰ গৱৰ্ণৰ ৰন ডিছান্টিছ দ্বিতীয় স্থানত, দক্ষিণ কেৰ’লিনাৰ গৱৰ্ণৰ নিকি হেলী তৃতীয় স্থানত থাকে। আনহাতে বিবেক ৰামাস্বামী থাকে চতুৰ্থ স্থানত।

Related News