NORTHEAST NOW (Assamese)

বলীউদৰ প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক প্ৰদান কৰা হ’ব দাদা চাহেব ফাল্কে বঁটা

September 26, 2023 1:34 pm · এন ই নাও নিউজ, গুৱাহাটী

বলীউদৰ প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক দাদা চাহেব ফালকে বঁটা প্ৰদান কৰা হ’ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে এইবাৰ দাদা চাহেব ফাল্কে লাইফটাইম এচিভমেণ্ট বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক। ৱাহিদা ৰেহমানক ২০২৩ চনৰ দাদা চাহেব ফালকে বঁটা প্ৰদান কৰা হ’ব।

প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক এইবাৰ সন্মানীয় দাদা চাহেব ফাল্কে বঁটা প্ৰদানৰ খবৰটো তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে নিজেই ঘোষণা কৰে।

এই খবৰটো শ্বেয়াৰ কৰি ঠাকুৰে এক্স (পূৰ্বৰ টুইটাৰ) লিখিছে, ‘ভাৰতীয় চিনেমালৈ তেওঁৰ বিশাল অৱদানৰ বাবে এইবাৰ ৱাহিদা ৰেহমান জীক সন্মানীয় দাদা চাহেব ফাল্কে লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হৈছে বুলি ঘোষণা কৰি মই এক অপৰিসীম সুখ আৰু সন্মান অনুভৱ কৰিছো। ৱাহিদা জীয়ে হিন্দী ছবিত বিশিষ্ট চৰিত্ৰ প্যাছা, কাগাজ কে ফুল, চৌধৱী কা চান্দ, চাহেব বিৱি ঔৰ গুলাম, গাইড, খামোশীকে আদি কৰি কেইবাখনো ছবিত অভিনয় কৰি সমালোচকৰ প্ৰশংসা লাভ কৰিছে।”

লগতে পঢ়ক: উৎসৱৰ সময়তে অচল হৈ পৰিব WhatsApp; কোন কোন স্মাৰ্টফোনত নকৰিব কাম?

তেওঁ লগতে লিখিছে, “পাঁচ দশকৰো অধিক সময় ধৰি চলা তেওঁৰ কেৰিয়াৰত তেওঁ নিজৰ ভূমিকাসমূহ অতি সূক্ষ্মতাৰে ৰূপায়ন কৰিছে, যাৰ ফলত ৰেচমা এণ্ড শ্বেৰা ছবিখনত জনগোষ্ঠীয় মহিলা হিচাপে অভিনয় কৰাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটা বিজয়ী ৱাহিদা জীয়ে কঠোৰ পৰিশ্ৰমেৰে উচ্চতম পৰ্যায়ৰ পেছাদাৰী উৎকৰ্ষতা অৰ্জন কৰিব পৰা এগৰাকী ভাৰতীয় নাৰীৰ নিষ্ঠা, দায়বদ্ধতা আৰু শক্তিৰ দৃষ্টান্ত দাঙি ধৰিছে।”

তেওঁ সামৰণি মাৰি কয়, “যি সময়ত ঐতিহাসিক নাৰী শক্তি বন্দন অধিনিয়ম সংসদে গৃহীত কৰিছে, সেই সময়ত তেওঁক এই জীৱনজোৰা কৃতিত্ব বঁটাৰে সন্মানিত কৰাটো ভাৰতীয় চিনেমাৰ এগৰাকী আগশাৰীৰ মহিলা আৰু বিশিষ্ট অৱদানৰ লগতে সমাজৰ বৃহত্তৰ মংগলৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী মহিলাৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি। মই তেওঁক আমাৰ চলচ্চিত্ৰ ইতিহাসৰ এক অৱিচ্ছেদ্য অংশ তেওঁৰ চহকী কৰ্মৰ প্ৰতি সাদৰ সন্মান জনাই অভিনন্দন জ্ঞাপন কৰিছো।

Related News