NORTHEAST NOW (Assamese)

মাত্ৰ এটা SMS প্ৰেৰণ কৰি অচল হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে আপোনাৰ পান কাৰ্ড খন, কেনেকৈ?

February 8, 2021 11:35 am · এন ই নাও নিউজ
Updated: February 8, 2021 11:36 am

মাজত মাত্ৰ আৰু কেইটামান দিন। চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট দিনৰ ভিতৰত যদি আপুনি আপোনাৰ পান কাৰ্ডৰ সৈতে আধাৰ যুক্ত নকৰে তেন্তে অচল হৈ পৰিব  পান কাৰ্ড খন।

আধাৰৰ সৈতে পান কাৰ্ড যুক্ত কৰাৰ বাবে চৰকাৰে চলিব বৰ্ষৰ ৩১ মাৰ্চৰ দিনটো অন্তিম দিন হিচাবে ধৰি দিছে।

এই দিনটোৰ ভিতৰত আধাৰৰ সৈতে পান কাৰ্ড যুক্ত নকৰিলে কোনো আৰ্থিক লেন-দেন বা কৰৰ তথ্য দাখিলৰ ক্ষেত্ৰত লোক এজনৰ পান কাৰ্ড খন অৰ্থহীন হৈ পৰিব।

সেয়ে যিসকল লোকে এতিয়ালৈকে আধাৰৰ সৈতে পান কাৰ্ড যুক্ত কৰা নাই তেওঁলোকে ৩১ মাৰ্চৰ ভিতৰত কেইটামান বিশেষ পদ্ধতিৰে আধাৰৰ সৈতে পান কাৰ্ড যুক্ত কৰিব পাৰিব।

দৰাচলতে আধাৰ হৈছে Unique Identification Authority of India (UIDAI)-এ প্ৰদান কৰা এটা ১২ ডিজিটৰ নম্বৰ।

একেদৰে পান হৈছে কৰ বিভাগে প্ৰদান কৰা এটা ১০ ডিজিটৰ নম্বৰ।

এই নম্বৰ দুটা SMS ৰ জৰিয়তে এক বিশেষ পদ্ধতিৰে প্ৰেৰণ কৰি মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে আপুনি পান কাৰ্ডৰ সৈতে আধাৰ নম্বৰ যুক্ত কৰাৰ বাবে আবেদন জনাব পাৰে।

SMS ৰ জৰিয়তে পান কাৰ্ডৰ সৈতে আধাৰ নম্বৰ যুক্ত কৰিবলৈ আপুনি এই পদক্ষেপ কেইটা গ্ৰহণ কৰক—

UIDPAN<space><12 digit Aadhaar><space><10 digit PAN>

প্ৰথমে UIDPAN বুলি টাইপ কৰি তাৰপিছত স্পেছ দিব, স্পেছৰ পিছত ১২ ডিজিটৰ আধাৰ নম্বৰ টাইপ কৰিব,আকৌ স্পেছ দিব, তাৰপিছত ১০ ডিজিটৰ পান নম্বৰটো টাইপ কৰি সেয়া ৫৬৭৬৭৮ নাইবা ৫৬১৬১ নম্বৰলৈ পঠিয়াই দিয়ক।

এনেদৰে অতি সাধাৰণ প্ৰক্ৰিয়াৰে আপুনি আধাৰৰ সৈতে পান কাৰ্ড সংযুক্ত কৰিব পাৰিব।

Related News