NORTHEAST NOW (Assamese)

গুৱাহাটীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ মেইটেই গোট পি এল এৰ মষ্ট ৱান্টেড কেডাৰ

April 20, 2025 6:39 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ এখন হোটেলৰ পৰা গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিষিদ্ধ মেইটেই উগ্ৰপন্থী সংগঠন পিপলছ লিবাৰেশ্যন আৰ্মিৰ এজন মষ্ট ৱাণ্টেড সদস্যক।

ধৃত বিদ্ৰোহী কেডাৰ গৰাকীৰ নাম মায়াংলম্বম ববি সিং (৩১)। সিং মণিপুৰৰ কাকচিং জিলাৰ বাসিন্দা।

হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত ৰাজ্যখনত একাধিক বিদ্ৰোহী অভিযানত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে মায়াংলম্ব ববি সিঙৰ বিৰুদ্ধে।

চোৰাংচোৱাৰ ভিত্তিত আৰক্ষীয়ে তেওঁ থকা হোটেলখনত অভিযান চলায়।

পল্টন বজাৰলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে পিএলএৰ বিদ্ৰোহীজনে বেহাৰবাৰীৰ এখন হোটেলত থাকিছিল বুলি পূব গুৱাহাটীৰ আৰক্ষী উপ-আয়ুক্ত মৃণাল ডেকাই কয় ।

আৰক্ষী বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত কয় যে মণিপুৰৰ কেইবাটাও সশস্ত্ৰ কাৰ্যকলাপৰ সৈতে জড়িত সিং এজন মূল নায়ক।

আৰক্ষী সূত্ৰই জনোৱা মতে, তদন্তৰ পিছত আৰু অধিক লোকক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

Related News