NORTHEAST NOW (Assamese)
Popular Stories

নতুন সংসদ ভৱনৰ মুধচৰ পৰা পৰিল পানী; মজিয়াত বাল্টি পাতি পানী ধৰিবলৈ ৰাখিবলৈ চেষ্টা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2024 2:02 pm

ধাৰাসাৰ বৰষুণে জুৰুলা কৰিছে দিল্লীত। ৰাজধানীৰ কেইবাটাও পথত ভিৰ। ৫ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে।ইপিনে নতুন সংসদ ভৱনে ধাৰাসাৰ বৰষুণৰ চাপ সহ্য কৰিব পৰা নাই! মোদীৰ যুগত নিৰ্মিত সংসদ ভৱনটো এবছৰ পুৰণিও হোৱা নাই। ইফালে ছাঁদৰ পৰা পানী পৰিয়ে আছে! কংগ্ৰেছে সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি এই দাবী কৰে।

সংসদ ভৱনৰ ওপৰতো পৰিছে বাৰিষাৰ ক্ৰোধ। বুধবাৰৰ পৰা সংসদ ভৱন চৌহদত পানী জমা হ’বলৈ আৰম্ভ কৰিছে। বিৰোধীয়ে দাবী কৰিছে যে সংসদৰ এনে ছবি আগতে কেতিয়াও দেখা পোৱা নাছিল। ইফালে বাজেট অধিবেশন চলি আছে।

তামিলনাডু কংগ্ৰেছৰ সাংসদ মণিকম ঠাকুৰে এই সন্দৰ্ভত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। ক’ত দেখা গৈছে নতুন সংসদ ভৱনৰ ছাঁদৰ পৰা পানী পৰি আছে।

উল্লেখ্য যে, প্ৰায় ৯৭০ কোটি টকা ব্যয় সাপেক্ষে মোদী চৰকাৰে নিৰ্মাণ কৰিছিল নতুন সংসদ ভৱন। ২০২৩ চনৰ ২৮ মে’ত উদ্বোধন কৰা হয়। এই চাৰি মহলীয়া সংসদ ভৱনৰ প্ৰথম অধিৱেশন ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হৈছিল। এই নতুন সংসদ ভৱনটো ব্ৰিটিছৰ সময়ত নিৰ্মাণ কৰা পুৰণি সংসদ ভৱনটোৰ ঠিক সন্মুখতে নিৰ্মাণ কৰা হৈছিল। নতুনকৈ নিৰ্মাণ কৰা সংসদ ভৱনৰ চালৰ পৰা পানী সৰি পৰাৰ ছবি পোহৰলৈ অহাৰ লগে লগে বিৰোধীয়ে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে।