NORTHEAST NOW (Assamese)
অসম

ভৰ বাৰিষা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ চেষ্টা জলসম্পদ বিভাগৰ; পাৰ্কুপাইন দিয়াৰ নামত ভেকো ভাওনা

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা July 12, 2021 11:43 am
Purcupine to protect erosion

কিছু দিন আগতে কলিয়াবৰৰ শিলঘাটৰ ৰবৰ-বাৰীত হোৱা ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰা খহনীয়াৰ বাতৰি নৰ্থ ইষ্ট নাওত প্ৰচাৰ হোৱাৰ পাছতে জলসম্পদ বিভাগৰ পলমকৈ হ’লেও গা লৰা পৰিলক্ষিত হৈছে।

অৱশ্যে কলিয়াবৰৰ শিলঘাটৰ ৰবৰ-বাৰীত বৰ্তমানেও অব্যাহত আছে ব্যাপক গৰা খহনীয়া।

ভৰ বাৰিষাত ব্ৰহ্মপুত্ৰৰ এই গৰাখহনীয়া ৰোধৰ বাবে পাৰ্কুপাইন দিয়াৰ প্ৰচেষ্টাই জলসম্পদ বিভাগৰ ভেকো ভাওনা তথা ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে।

পাৰ্কুপাইন দিয়াৰ নামত যন্ত্ৰচালিত নাঁৱৰ পৰা যধে-মধে লুইতৰ বুকত পেলাইছে কোটি টকীয়া আঁচনিৰ পাৰ্কুপাইন। তাকে দেখি ক্ষুব্ধ  হৈ পৰিছ নৈ-পৰীয়া ৰাইজ।

আনহাতে, বিগত চাৰি বছৰ ধৰি গৰাখহনীয়া ৰোধৰ বাবে পাৰ্কুপাইনৰ ব্যৱস্থা কৰাৰ পিছতো অঞ্চলটোত অব্যাহত খহনীয়া ৰোধৰ বাবে গাইড-বান্ধ দিবলৈ জলসম্পদ মন্ত্ৰীলৈ আহ্বান স্থানীয় লোকৰ।

ইয়াৰোপৰি, এই কোটি টকীয়া কামৰ তদাৰক কৰা বিষয়া-কৰ্মচাৰীয়ে সাংবাদিকৰ আগত নিজ মুখে স্বীকাৰ কৰিলে পাৰ্কুপাইনৰ ব্যৱস্থা কৰাতকৈ স্থায়ীভাৱে গাইড-বান্ধ দিলেহে ব্ৰহ্মপুত্ৰৰ এই গৰা খহনীয়া ৰোধ হব।

তদুপৰি, গৰা খহনীয়া ৰোধৰ কাম যথেষ্ট পলম হোৱা বুলিও নিজ মুখে স্বীকাৰ কৰিলে এজন বিষয়াই।