NORTHEAST NOW (Assamese)

ইংলেণ্ড বনাম ভাৰত : কাইলৈৰ পৰা তৃতীয় টেষ্ট, আশাবাদী অধিনায়ক কোহলী

February 23, 2021 9:31 pm · এন ই নাও নিউজ
Updated: February 23, 2021 9:33 pm

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ বাকী থকা দুখন টেষ্টৰ এখনত জয়ী আৰু আনখন ড্ৰ কৰিব পাৰিলেই টীম ইণ্ডিয়াই জুলাইত লৰ্ডচত খেলাব লগা ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনৰ বাবে যোগ্যতা অৰ্জন কৰিব।

বৰ্তমান আইচিচি টেষ্ট ৰেংকিঙৰ দ্বিতীয় স্থানত থকা টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে মঙলবাৰে কয় যে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপতকৈও তেওঁলোকে দুয়োখন টেষ্টমেচত জয়ী হোৱাটোত গুৰুত্ব দিছে।

আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামত পোনপ্ৰথমবাৰৰ খেলিব লগা দিবা-নৈশ মেচখখনত গুলপীয়া ৰঙৰ বল ব্যৱহাৰ কৰা হ’ব আৰু এই লৈ কোহলীয়ে কয় যে বিপক্ষ দলটোত কেইবাটাও দুৰ্বলতা আছে আৰু আমাৰ বলাৰসকলে তাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে বুধবাৰৰ পৰা খেলিবলগা টেষ্টমেচখনত জয়ী হ’লেই বিৰাট কোহলীয়ে মহেন্দ্ৰসিং ধনীৰ এটা অভিলেখ ভংগ কৰিব। ঘৰুৱা পৰিৱেশত ইতিমধ্যে ২১ খন টেষ্টত বিজয়েৰে টীম ইণ্ডিয়াৰ পূৰ্বৰ অধিনায়ক ধনীয়ে অভিলেখ গঢ়ি থৈছে।

আনহাতে কোহলীৰ নেতৃত্বত টীম ইণ্ডিয়া ঘৰুৱা পৰিৱেশত জয়ী হৈছে ২০ খন টেষ্টত। এই সম্পৰ্কত কোহলীয়ে কয় যে এইসমূহ ব্যক্তিগত অভিলেখতকৈও তেওঁ নিজৰ দায়িত্ব পালন কৰিবলৈ আগ্ৰহী।

Related News