NORTHEAST NOW (Assamese)

বড়োসকলৰ সংগ্ৰামক সন্মান কৰো, আন জনগোষ্ঠীৰ অধিকাৰ খৰ্ব হোৱাটো নিবিচাৰো: কৃষক মুক্তি

November 18, 2018 8:28 pm · কল্পজ্যোতি শইকীয়া
Updated: November 18, 2018 9:08 pm
দেওবাৰে গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল। ছবি- ইউ বি।

বি টি এ দিৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ দেওবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বড়োসকলৰ সংগ্ৰামৰ লগতে আন জনগোষ্ঠীসমূহৰ অধিকাৰ সন্দৰ্ভত মত প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।

বড়োসকলৰ সংগ্ৰামৰ প্ৰতি সন্মান জনাই কৃষক মুক্তিৰ নেতাজনে আন জনগোষ্ঠীসমূহৰ অধিকাৰ সন্দৰ্ভত মীমাংসাৰ প্ৰয়োজনীয়তাও উল্লেখ কৰে।

“বড়োসকলৰ অধিকাৰ বিচাৰি কৰা সংগ্ৰামক আমি সন্মান কৰো। কিন্তু বড়োসকলৰ অধিকাৰপ্ৰাপ্তিৰ সংগ্ৰামৰ জৰিয়তে আন জনগোষ্ঠীৰ অধিকাৰ খৰ্ব হোৱাটো আমি কেতিয়াও নিবিচাৰো,” গগৈৰ মন্তব্য।

বি টি চিক কেন্দ্ৰীয় শাসিত পৰিষদলৈ পৰিৱৰ্তনৰ ‘প্ৰস্তাৱ’ক লৈ শেহতীয়াকৈ কোচ ৰাজবংশীকে ধৰি এলেকাটোত বাস কৰা অনা বড়োসকলে কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভটো মন্তব্য কৰিছে কৃষক মুক্তিৰ নেতাজনে।

তেওঁ কয়, “বি টি এ ডিত থকা ৭০ শতাংশ অনা বড়ো লোকৰ অধিকাৰ কেনেকুৱা হ’ব, সেই প্ৰশ্নক লৈ সিদ্ধান্তত উপনীত নোহোৱা পৰ্য্যন্ত এইক্ষেত্ৰত আগবঢ়াটো উচিত নহয় বুলি আমি ভাবো।” এই সন্দৰ্ভত অৱশ্যে কোনো ‘প্ৰস্তাৱ’ গ্ৰহণৰ কথা বড়ো সংগঠনসমূহৰ লগতে কেন্দ্ৰৰ মধ্যস্থতাকাৰী এ বি মাথুৰে অস্বীকাৰ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে ওপৰৰ পৰা জোৰকৈ ‘জাপি’ দি সমস্যা সমাধান কৰিব খুজিলে বড়োসকলৰ সমস্যাৰ ‘সমাধান’ নহৈ বি টি এ ডি এটা স্থায়ী সংঘাতৰ কেন্দ্ৰ বিন্দুতহে পৰিণত হ’ব বুলি মন্তব্য কৰিছে গগৈয়ে।

“কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে বি টি এ ডিৰ আটাইবোৰ সংগঠনৰ সৈতে ঘূৰণীয়া মেজ মেল অনুষ্ঠিত কৰিব লাগে, য’ত ৰাজ্য চৰকাৰৰো প্ৰতিনিধি উপস্থিত থাকিব লাগে,” বিষয়টো সন্দৰ্ভত গগৈৰ পৰামৰ্শ।

‘প্ৰস্তাৱ’ৰ প্ৰতিবাদত আৰু অহা ১৯ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে এবছু আৰু এন দি এফ বিৰ ‘বৈঠক’ বাতিলৰ দাবীত অহা সোম আৰু মঙলবাৰে অসম বন্ধ আহ্বান কৰিছে কোচ ৰাজবংশী সংগঠনসমূহে।

Related News