NORTHEAST NOW (Assamese)

ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত আজিৰ পৰা লাডাখত পুনৰ আৰম্ভ হৈছে ভাৰত-চীন সেনাৰ বৈঠক

June 22, 2020 4:00 pm · এন ই নাও নিউজ
Updated: June 22, 2020 4:05 pm

আজিৰ পৰা পুনৰ আৰম্ভ হৈছে লাডাখ সীমান্তত ভাৰত আৰু চীনৰ সেনাৰ উচ্চ পৰ্যায়ৰ বৈঠক।

যোৱা সোমবাৰে লাডাখৰ গালৱান উপত্যকাত দুই দেশৰ সেনাৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষ হোৱাৰ পিছত এসপ্তাহ ধৰি বন্ধ আছিল এই বৈঠক।

আজি এটা সপ্তাহৰ পিছত পুনৰ আৰম্ভ হৈছে দুই দেশৰ মাজৰ সেনাৰ মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠক।

উল্লেখ্য যে, ৬ জুনৰ পৰা ধাৰাবাহিকভাৱে অব্যাহত থকা এই বৈঠকৰ মাজতে যোৱা সোমবাৰে দুই পক্ষ সেনাৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষ সংঘটিত হয়।

ইয়াৰ পিছতে লাডাখ সীমান্তৰ বিবাদে চৰম উত্তেজনাৰ সৃষ্টি কৰে। আনকি দুই দেশৰ মাজত কেৱল সামৰিকেই নহয় কূটনৈতিক আৰু ৰাজনৈতিকভাৱে অভিযোগ-প্ৰতিঅভিযোগে সম্পৰ্ক তিক্ত কৰি তোলে।

ভাৰতৰ হৈ উক্ত বৈঠকসমূহত সেনা বাহিনীৰ ১৪ ক্ৰৰ্পছৰ লেপ্তঃ জেনেৰেল হৰিন্দৰ সিঙসহ অন্যান্য বিষয়াই অংশগ্ৰহণ কৰিছিল।

আনহাতে চীনৰ সৈ পিপ’লছ লিবাৰেশ্যন আৰ্মিৰ দক্ষিণ জিনজিয়াং মিলিটাৰী ডিভিজনৰ মেজৰ জেনেৰেল লিন লুইএ বিগত বৈঠকসমূহত অংশগ্ৰহণ কৰিছিল।

প্ৰণিধানযোগ্য যে এই ৰক্তক্ষয়ী সংঘৰ্ষত এজন কৰ্ণেলসহ ২০ গৰাকী ভাৰতীয় সেনাৰ মৃত্যু হৈছিল।

চীনা সংবাদ মাধ্যমে দাবী কৰিছিল যে ৪৩ জন চীনা সৈন্যও নিহত হৈছিল উক্ত সংঘৰ্ষত।

Related News