NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছৰ আতংক; ৩১ মাৰ্চলৈকে বন্ধ থাকিব শিক্ষানুষ্ঠান

March 14, 2020 5:42 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

সমগ্ৰ বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰ’না ভাইৰাছে ভাৰততো ইতিমধ্যে মৃত্যুৰ দূতৰ ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে ভাৰতত দুজন আক্ৰান্তৰ মৃত্যু ঘটাৰ বিপৰীতে ৮৮ জনলৈ বৃদ্ধি পাইছা এই মাৰাত্মক ভাইৰাছত আক্ৰান্তৰ সংখ্যা।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবেই কেৰেলাৰ পিছতে পশ্চিমবংগ চৰকাৰে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব বুলি ঘোষণা কৰিছে।
মমতা বেনাৰ্জী চৰকাৰে সতকৰ্তামূলক ব্যৱস্থাৰ অংশ হিচাপে ৰাজ্যখনৰ চৰকাৰী-বেচৰকাৰী স্কুল কলেজ, বিশ্ববিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান অহা ১৬ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে বন্ধ থাকিব বুলি ঘোষণা কৰিছে।

অৱেশ্য বোৰ্ডৰ পৰীক্ষাসমূহ ঘোষিত সূচীৰ মতে অনুষ্ঠিত হ’ব বুলি জনাইছে।

Related News