NORTHEAST NOW (Assamese)
Popular Stories

সোণতকৈও দামী তিমি মাছৰ বমি : জানিলে আচৰিত হ’ব ইয়াৰ ব্যৱহাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 3, 2024 9:38 pm
সোণতকৈও দামী তিমি মাছৰ বমি : জানিলে আচৰিত হ’ব ইয়াৰ ব্যৱহাৰ

সাগৰ হৈছে বিশাল ৰত্নৰ ভাণ্ডাৰ।  সাগৰৰ বুকুত থকা প্ৰবাল, মুকুতাৰ দৰে দামী মূল্যবান ৰত্ন উলিয়াই বজাৰত বিক্ৰী কৰিলে বহু কোটি কোটি টকা লাভ কৰিব পাৰি।

কিন্তু আপুনি জানেনে যে সাগৰৰ তলত থকা মণি-মুকুতাতকৈও দামী তিমি মাছৰ বমি। এই মাছবিধৰ বমিৰ দাম আপোনাৰ কল্পনাৰ বাহিৰত। ইয়াৰ দাম সোণতকৈও বেছি।

তিমিৰ বমিক এম্বাৰগ্ৰিছ বোলা হয়। তিমি মাছে সৰু মাছৰ উপৰিও হাজাৰ হাজাৰ সাগৰীয় জীৱ ভক্ষণ কৰে। এই খাদ্য তিমি মাছৰ পেট আৰু অন্ত্ৰৰ মাজত জমা হয়। বহুদিনৰ মূৰত ই তিমিৰ পেটত জমা হৈ এম্বাৰগ্ৰিছলৈ পৰিণত হয়।  এই এম্বাৰগ্ৰিছৰ পৰিমাণ বেছি হৈ গ’লে বমিয়াই উলিয়াই দিয়ে।

এম্বাৰগ্ৰিছ মমৰ দৰে পিছল আৰু অতি দুৰ্গন্ধযুক্ত। কিন্তু ই ওলাই অহাৰ পিছত যেতিয়া ই বতাহৰ সংস্পৰ্শলৈ আহে তেতিয়া ই গোট মাৰি কঠিন হৈ পৰে। তেতিয়া ই এক আচৰিত সুগন্ধি নিৰ্গত কৰে।

সুগন্ধিৰ বজাৰত এম্বাৰগ্ৰিছৰ চাহিদা বেছি। এম্বাৰগ্ৰিছক ঔষধ কোম্পানীসমূহৰ লগতে বিশ্বৰ বিলাসী সুগন্ধি কোম্পানী বোৰেও কেঁচামাল হিচাপে ব্যৱহাৰ কৰে। এই এম্বাৰগ্ৰিছ আচলতে সোণতকৈ বেছি দামী।

বিজ্ঞানীসকলৰ মতে তিমিৰ বমিত এলক’হোল থাকে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ চাহিদা বহুত। কিন্তু এম্বাৰগ্ৰিছ সংগ্ৰহ কৰি বিক্ৰী কৰাটো ভাৰতীয় আইন অনুসৰি শাস্তিযোগ্য অপৰাধ।