NORTHEAST NOW (Assamese)

৬০ বছৰৰ বয়সতো গাভৰু হৈ থকাৰ ৰহস্য : ধুনীয়া হৈ থাকিবলৈ কি কৰে নীতা আম্বানীয়ে?

May 10, 2023 12:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 10, 2023 11:57 am

মুকেশ আম্বানী পৰিয়ালটো পৃথিৱীৰ অন্যতম ধনী পৰিয়াল। মুকেশ আম্বানী পৰিয়ালক ভাৰতৰ আটাইতকৈ ধনী পৰিয়াল হিচাপে গণ্য কৰা হয়। আম্বানী পৰিয়ালৰ বিভিন্ন চখৰ বিষয়ে আমি সকলোৱে কম বেছি পৰিমাণে জানো।

আম্বানী পৰিয়ালৰ সকলোৱেই অতি স্বাস্থ্য সচেতন। পুষ্টিকৰ খাদ্যৰ লগতে আম্বানী পৰিয়ালৰ লোকে নিয়মিতভাৱে শাক-পাচলি খায়।

আম্বানী পৰিয়ালৰ গৃহিণী নীতা আম্বানী নিজৰ ৰূপৰ বাবে সদায় চৰ্চাত থাকে। ৬০ বছৰ বয়সতো তেওঁৰ সৌন্দৰ্যই যিকোনো অভিনেত্ৰীক পৰাস্ত কৰিব পাৰে। তেওঁৰ সৌন্দৰ্য্য হীৰাৰ পোহৰৰ দৰে!

লগতে পঢ়কঃ ‘গাৰ্লফ্ৰেণ্ড’ লাগে প্ৰভু : ২০০০ কিঃমিঃ অতিক্ৰম কৰি বৌদ্ধ মন্দিৰত প্ৰাৰ্থনা যুৱকৰ

কিন্তু এই বয়সতো নীতা আম্বানীয়ে নিজৰ সৌন্দৰ্য্য কেনেকৈ ধৰি ৰাখিছে? নীতাৰ সৌন্দৰ্য্যৰ গোপন কথা ফাদিল হৈছে। আচলতে গোপনীয়তা তেওঁৰ জীৱনশৈলীত লুকাই আছে।

নিজকে সুস্থ আৰু ধুনীয়া কৰি ৰাখিবলৈ প্ৰতিদিনে জিম কৰে নীতা আম্বানীয়ে। দৈনিক যোগাসনৰ লগতে সাঁতোৰে।

কেৱল সেয়াই নহয়, ছালৰ বয়স বজাই ৰাখিবলৈ মুকেশ-পত্নী নীতাই খাদ্যত কি ৰাখে জানেনে? বুটমাহৰ ৰস তেওঁৰ দৈনন্দিন খাদ্যত থাকে। যিকোনো ধৰণৰ টেঙা খাদ্য পৰিহাৰ কৰে নীতা আম্বানীয়ে। সোৱাদ সলনি কৰিবলৈ কেতিয়াবা অমলেট খায়।

লগতে পঢ়কঃ অসমত স্থাপন কৰা হ’ব পাঁচখনকৈ POCSO আদালত : মুখ্যমন্ত্ৰীৰ ঘোষণা

প্ৰটিন, কেলচিয়াম আৰু মাইক্ৰ’নিউট্ৰিয়েণ্টেৰে সমৃদ্ধ শুকান ফল খাবলৈ তেওঁ কেতিয়াও পাহৰি নাযায়। অংকুৰ, সেউজীয়া শাক-পাচলি আৰু চুপৰ দৰে খাদ্য তেওঁৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত।

নীতা আম্বানীয়ে শাক-পাচলিৰ লগত ফল-মূল খায়। আম্বানী পৰিয়ালৰ সদস্যসকলে দামী ডিটক্স পানী খায়। তেওঁ পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰিবলৈ মাহিলী দুই লাখ টকা খৰচ কৰি এজন ৰান্ধনী নিয়োগ কৰিছে।

এইদৰেই এটা সুন্দৰ জীৱন শৈলীৰ বৰ্তাই ৰাখি ৬০ বছৰ বয়সতো নিজকে গাভৰু কৰি ৰাখিছে নীতা আম্বানীয়ে।

লগতে পঢ়কঃ কাহ ৰোগ নহয়, ৰোগৰ এটা লক্ষণ হে; শিশুৰ কাহ হ’লে কি কৰিব?

Related News