• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাহ ৰোগ নহয়, ৰোগৰ এটা লক্ষণ হে; শিশুৰ কাহ হ’লে কি কৰিব?

ডা: জ্ঞানেন্দ্ৰ শৰ্মা by ডা: জ্ঞানেন্দ্ৰ শৰ্মা
May 9, 2023 1:28 pm
424
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উল্লখযোগ্য যে কাহ শ্বাসতন্ত্ৰৰ এটা প্ৰতিৰক্ষা ব্যৱস্থা। যিকোনো উত্তেজক যেনে বীজাণু, ধুলি,ধোঁৱা বা ফুলৰ ৰেণু আদি যদি নাকেদি শ্বাসতন্ত্ৰত প্ৰবেশ কৰে তেতিয়া শ্বাসতন্ত্ৰই কাহৰ সহায়েৰে এইবোৰ শৰীৰৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰে। বীজাণুৰ ভিতৰত ভাইৰাছৰ দ্বাৰা সংক্ৰমণ প্ৰধান।

উল্লেখযোগ্য যে বেক্টেৰিয়াৰ দ্বাৰা শ্বাসতন্ত্ৰৰ সংক্ৰমণ হ’লে কাহ নহয় বা সামান্য কাহ হয়। এনে ক্ষেত্ৰত আন লক্ষণ যেনে কাণৰ বিষ আৰু কাণেৰে পুজ ওলোৱা, গিলিবলৈ কষ্ট পোৱা আৰু টনচিল বগা পৰা, উশাহ লোৱাত কষ্ট পোৱা, উশাহ খৰকৈ লোৱা, উশাহ লওঁতে বুকু সোমাই যোৱা, শিশুৱে খোৱা কমাই দিয়া আদি প্ৰধানকৈ দেখা যায়। এনেবোৰ লক্ষণ থাকিলে চিকিৎসাৰ কাৰণে এন্টিবায়টিকৰ প্ৰয়োজন হয়। এনেবোৰ লক্ষণ দেখিলে শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শৰ প্ৰয়োজন। অকল শুকান কাহৰ চিকিৎসাৰ কাৰণে এন্টিবায়টিকৰ প্ৰয়োজন নহয়।

Apply Now

শ্বাসতন্ত্ৰৰ ভাগবোৰ

শ্বাসতন্ত্ৰৰ ৪ টা ভাগ আছে। ওপৰৰ পৰা তললৈ ক্ৰমে ডিঙি, স্বৰযন্ত্ৰ, বৃহৎ আৰু ক্ষুদ্ৰ শ্বাসনলী। যিকোনো এটা ভাগত উত্তেজকে ক্ৰিয়া কৰিলে শুকান কাহ হয়। ৫ বছৰ বয়সৰ তলৰ শিশুৰ কাহ বেছিকৈ হয়। কাহ হ’লে শ্বাসতন্ত্ৰত বিজল সৃষ্টি হয়। ৫ বছৰ বয়সৰ তলৰ শিশুৱে এই বিজল কাহৰ লগত উলিয়াব নোৱাৰে কাৰণে গিলি দিয়ে আৰু পেটত জমা হৈ থাকে। পৰিমান বেছি হ’লে কাহৰ লগত বমি কৰি উলিয়াই দিয়ে। গতিকে কাহৰ লগত বমি হলে ভয় খাব লগীয়া একো নাই । বৰঞ্চ বমি হ’লে ভাল। বমিত বিজলবোৰ ওলাই গ’লে কাহ উপশম হোৱাত সহায়ক হয়।

কাহৰ লক্ষণবোৰ

শ্বাসতন্ত্ৰত উৎস স্থান অনুযায়ী কাহৰ লক্ষণ ভিন্ন হয়। যেনে

(১) ডিঙিত হ’লে ডিঙি খচখচাই, শুকান কাহ হয় আৰু শুলে বেছি হয়।

(২) স্বৰযন্ত্ৰত হ’লে শুকান কাহৰ লগত মাত ভাঙে।

(৩) বৃহৎ শ্বাসনলীত হ’লে শুকান কাহৰ লগত আগফালে বুকুৰ সোঁমাজত বিষ হয়।

(৪) ক্ষুদ্ৰ শ্বাসনলীত হ’লে শুকান কাহ হয় যিটো ৰাতি শুবলৈ লোৱাৰ অলপ পিছতে অথবা পুৱতি নিশা হঠাৎ বেছি হয় আৰু বমি কৰে। বমিত অকল বিজল বা খাদ্য মিহলি বিজল থাকে।

চতুৰ্থ বিধ কাহ শিশুৰ ক্ষেত্ৰত আটাইতকৈ বেছিকৈ হোৱা দেখা যায়। প্ৰথম তিনি বিধ কাহ শিশুৰ সাধাৰণতে কেইদিন মানৰ কাৰণে হয়, কম পৰিমানত হয় আৰু ৫ – ৭ দিনৰ ভিতৰত কেতিয়াবা কাহৰ ঔষধ নোখোৱাকৈ ঘৰুৱা চিকিৎসাৰ দ্বাৰা ভাল হৈ যায়। চতুৰ্থ বিধ কেতিয়াবা অতি বেছি হয় আৰু বহু দিনলৈ থাকে অথবা মাজত কেইদিনমান ভালে থাকি বাৰে বাৰে হয়। এইবিধ কাহ ক্ষুদ্ৰ শ্বাসনলী মৃদুভাবে সংকুচিত হোৱাৰ ফলত হয়। এই কাহ নিজে কমি যাব পাৰে কিন্তু বাৰে বাৰে হৈ থাকে। ফলত হাওঁ ফাওঁত স্থায়ীভাবে অপকাৰ কৰিব পাৰে।

ডাক্তৰৰ পৰামৰ্শ কেতিয়া ল’ব?

কম মাত্ৰাৰ শুকান কাহৰ কাৰণে ঘৰুৱা চিকিৎসাই যথেষ্ট। কিন্তু ২ -৩ দিনৰ ভিতৰত অলপো নকমিলে ডাক্তৰৰ পৰামৰ্শ লৈ ঔষধি চিকিৎসা কৰিব লাগে। অকল শুকান কাহ বেছি মাত্ৰাত হ’লে ডাক্তৰৰ উপদেশ অনুসৰি কাহ দমোৱা ঔষধ কাহ নকমালৈ খুৱাব লাগে। ৩ – ৪ দিনত এনে কাহ সাধাৰণতে লাহে লাহে কমি যায়। একেবাৰে নকমিলে আকৌ ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে। কাহ একেলেঠাৰিয়ে ১৪ দিনৰ বেছি হৈ থাকিলে, শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে। কাৰণ এই কাহৰ ৰোগ নিৰ্ণয় কৰিবলৈ বিশেষ পৰীক্ষাৰ আৱশ্যক হয়।

কাহৰ যুক্তিসঙ্গত চিকিৎসা

কাহৰ চিকিৎসা দুই ধৰণেৰে কৰিব পাৰি – (১) ঘৰুৱা চিকিৎসা আৰু (২) ঔষধি চিকিৎসা। কাহৰ চিকিৎসা আৰম্ভ কৰাৰ আগতে কাহৰ কাৰণ জানি ল’ব পাৰিলে ভাল। কাহৰ লক্ষণ সমুহ আৰু শ্বাসনলীৰ উৎস স্থান অনুমান কৰিব পাৰিলে পিতৃ মাতৃয়ে নিজে কাহৰ কাৰণ বুজিব পাৰিব। আৰু সেইমতে ঘৰুৱা চিকিৎসা আৰম্ভ কৰিব পাৰে আৰু ঔষধি চিকিৎসা লাগে বুলি ভাবিলে এজন চিকিৎসকৰ ওচৰলৈ শিশুটিক লৈ গৈ তেওঁৰ নিৰ্দেশ মতে ঔষধ প্ৰয়োগ কৰিব লাগে।

কাহৰ ঘৰুৱা চিকিৎসা এনে ধৰণৰ –

(১) বিচনাত শিশুৰ শৰীৰৰ মূৰৰ ফাল গাৰু দি অলপ ওখ কৈ শুব দিব লাগে।

(২) শিশুক পৰ্যাপ্ত পানী পিব দিব লাগে।

(৩) তুলসী পাতৰ ৰস মৌৰ লগত মিহলাই অলপ সময়ৰ পিছে পিছে চেলেকাই থাকিব লাগে।

(৪) ডাঙৰ শিশুক কুহুমীয়া পানীত নিমখ দি ডিঙি কুলকুলি কৰিব দিব লাগে আৰু উতলা পানীৰ ভাপ নাকেৰে উজাব দিব লাগে। অন্তত দিনত ৩ বাৰকৈ। এইবোৰ কৰাৰ ২ – ৩ দিনৰ ভিতৰত যদি অলপো নকমে বা বাঢ়ি যায় তেতিয়া ঔষধি চিকিৎসাৰ কাৰণে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগিব।

ঔষধি চিকিৎসা

(১) ডাক্তৰৰ অগ্ৰাধিকাৰ হৈছে প্ৰথমে কাহৰ কাৰণ নিৰ্দ্ধাৰণ কৰা আৰু পিতৃ মাতৃক বুজাই দিয়া। পিতৃ মাতৃয়ে ডাক্তৰৰ লগত কথা পাতি কাহৰ কাৰণৰ বিষয়ে জানি ল’ব লাগে। ডাক্তৰে দিয়া ঔষধ ভালকৈ বুজি ল’ব লাগে। ঔষধ নিয়ম মতে খুৱাব লাগে। কাৰণ ঔষধ নিয়ম মতে নুখুৱালে কাহ সময় মতে নকমে। ফলত শিশুৱে বেছি দিন ভুগি থাকিব লগা হয়।

(২) ভিন্ন কাহৰ কাৰণে ভিন্ন ঔষধ।

ক) অকল শুকান কাহ, লগত ডিঙিত খচখচনি, মাত ভঙা, বা বুকুৰ সোঁমাজত বিষ আদি থাকিলে বেছি ভাগৰ ক্ষেত্ৰত ঘৰুৱা চিকিৎসাতে কাহৰ উপশম হয়। কেতিয়াবা কাহ দমাই ৰখা ঔষধ প্ৰয়োজন হয়। তেতিয়া ডাক্তৰৰ পৰামৰ্শ মতে ঔষধ খুৱাব লাগে।

খ) চতুৰ্থ বিধ শুকান কাহ য’ত ক্ষুদ্ৰ শ্বাসনলীৰ সামান্য সংকুচন হয়, ইয়াৰ নিৰাময়ৰ কাৰণে বিশেষ ঔষধৰ প্ৰয়োজন যি সংকুচন নিৰাময় কৰিব। গতিকে এই কাহ শ্বাসনলীৰ সংকুচন নিৰাময় কৰা ঔষধ শুদ্ধ পৰিমানত আৰু উচিত দিনলৈ প্ৰয়োগেৰে কাহ উপশম কৰাটো প্ৰয়োজনীয়। এনে কাহত সাধাৰণ কাহৰ ঔষধ খুৱালে অপকাৰ হ’ব। এই কাহ যিমান বাৰ হয় একে ঔষধ প্ৰয়োগ কৰিব লাগিব। তাৰ পৰা শিশুৰ কোনো অপকাৰ নহয়। বৰঞ্চ হাওঁ ফাওঁৰ ক্ষতি প্ৰতিৰোধ হ’ব।

এনে শুকান কাহৰ চিকিৎসাত এন্টিবায়টিকৰ প্ৰয়োজন নহয়। বৰঞ্চ অদৰকাৰত এন্টিবায়টিক প্ৰয়োগে শিশুৰ অপকাৰ হে কৰিব।

বৰ্ত্তমান বজাৰত উপলব্ধ কাহৰ ঔষধ শিশুৰ কাৰণে কিমান উপকাৰি?

বৰ্ত্তমান বজাৰত ৩ – ৪ টা উপাদান মিহলি কাহৰ ঔষধ উপলব্ধ। এইবোৰ ঔষধত থাকে দৰকাৰতকৈ কম পৰিমানত ১ টা সংকুচিত ক্ষুদ্ৰ শ্বাসনলীৰ সংকুচন নিৰ্ম্মুল কৰা উপাদান, ১ টা বা ২ টা এলাৰ্জি কমোৱা ঔষধ, ১ টা কফ গলোৱা আৰু এটা কফ উলিওৱা ঔষধ । উল্লেখযোগ্য যে সংকুচন কমোৱা ঔষধ যদি শিশুৰ ওজনৰ হিচাবত সঠিক মাত্ৰত আৰু সময়ৰ অন্তৰত আৰু অন্তত: কাহ কমাৰ পিছত ৫ – ৭ দিন দিয়া নহয় তেতিয়া শ্বাসনলীৰ সংকুচন সম্পূৰ্ণ কমি নাযায়। ফলত কাহ বাৰে বাৰে হৈ থাকিব আৰু শ্বাসনলী আৰু হাওঁ ফাওঁৰ অনিষ্ট সুদুৰ প্ৰসাৰি হ’ব।

এলাৰ্জি কমোৱা ঔষধে শ্বাসনলী শুকাই পেলাই ফলত কাহ বেছি হয়। কফ গলোৱা ঔষধে ডাঙৰ শ্বাসনলীৰ ভিতৰৰ কফ গলাই দিয়ে আৰু ই তললৈ পৰি ক্ষুদ্ৰ শ্ৱাসনলীবোৰ বন্ধ কৰি দিয়ে আৰু শিশুৰ উশাহ লোৱাত কষ্ট হয় বা কষ্ট বাঢ়ি যায়। গতিকে এনে কাহৰ ঔষধে শিশুৰ উপকাৰতকৈ অপকাৰ কৰে। গতিকে এজন সুচিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ফাৰ্মাচীৰ পৰা নিজে ক্ৰয় কৰি কাহৰ ঔষধ শিশুক খুৱাব নেলাগে।

ডা: জ্ঞানেন্দ্ৰ শৰ্মা

ডা: জ্ঞানেন্দ্ৰ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd