NORTHEAST NOW (Assamese)

অসমবাসীৰ আশা! কি সপোন খেদি আগবাঢ়িব তিনি শাখাৰ চাৰি শীৰ্ষস্থান প্রাপ্তই?

June 25, 2020 1:48 pm · কল্পজ্যোতি শইকীয়া
কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত শীৰ্ষস্থান প্ৰাপ্ত চাৰিগৰাকী শিক্ষাৰ্থী ক্ৰমে শ্ৰদ্ধা বৰগোহাঁই, পূবালী ডেকা, অবিনাশ কলিতা আৰু কৃষ্ণা মাহেশ্বৰী।

আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ তিনিওটা শাখাৰ শীৰ্ষস্থান দখল কৰিলে চাৰি মেধাবী শিক্ষাৰ্থী ক্ৰমে কলা শাখাৰ শ্ৰদ্ধা বৰগোহাঁই আৰু পূৰবী ডেকা, বিজ্ঞান শাখাত অবিনাশ কলিতা আৰু বাণিজ্য শাখাত কৃষ্ণা মহেশ্বৰীয়ে।

প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা শ্ৰদ্ধা নগাওঁৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী, পূবালী  দৰঙৰ NRDS জুনিয়ৰ কলেজৰ ছাত্ৰী, অবিনাশ কলিতা বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ আৰু কৃষ্ণা মহেশ্বৰী ডিব্ৰুগড়ৰ চল্টব্ৰুক একাডেমীৰ ছাত্ৰী।

চাৰিওগৰাকীৰে অধ্যয়নপ্ৰণালী আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিবলৈ নিশ্চয়কৈ আপোনালোকৰো মন গৈছে। সেয়েহে সংবাদ মাধ্যমৰ আগত কোৱা তেওঁলোকৰ মন্তব্য তলত অ-সম্পাদিত ৰূপত আগবঢ়ালো।

শ্ৰদ্ধা বৰগোহাঁই : ‘খুবেই আনন্দিত। সকলোৰে বিশ্বাস আৰু সপোনবোৰ পূৰণ হোৱাৰ কাৰণে বহু ভাল লাগিছে। মই যে তেওঁলোকক কিবা এটা প্ৰতিদান দিব পাৰিলো তাৰ বাবে খুবেই আনন্দিত।

কেতিয়াও ভাবি লোৱা নাছিলো যে স্থান লাভ কৰিবই লাগিব। সদায় শিক্ষকসকলে অনুপ্ৰেৰণা যোগাই আহিছিল আৰু তেনেদৰেই নিজৰ প্ৰস্তুতি চলাইছিলো। জ্ঞান লাভ কৰিব পৰাকৈ অধ্যয়ন কৰিছিলো।

মোৰ এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন আছে। কেতিয়াও নিজৰ কৰ্তব্যত গাফিলতি কৰিব নালাগে। নিজৰ কাম নিয়মীয়াকৈ সততাৰে আৰু মনোযোগৰে কৰি যাব লাগে।

শ্ৰদ্ধাই অতি সুন্দৰকৈ গীত পৰিৱেশন কৰে। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টেলিভিশ্যন এণ্ড টিভিৰ ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণ কৰিছিল।

পূবালী ডেকা : মই বহু সুখী। ৰাজ্যৰ ভিতৰত প্ৰথমস্থান লাভ কৰিব পাৰিম বুলি আশা কৰা নাছিলো কিন্তু স্থান দখল কৰিম বুলি আশা আছিল।

মই দৈনিক ১২-১৪ ঘন্টা অধ্যয়ন কৰিছিলো। নোটছ বনাই পঢ়িছিলো, এইক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে যথেষ্ট সহায় কৰিছিল।

মই এগৰাকী শিক্ষয়িত্ৰী হ’ব বিচাৰিছো। ক’ত নামভৰ্তি কৰিম সেই বিষয়ে এতিয়াই ঠিক কৰা নাই।

এইখিনিতে উল্লেখ কৰিছো অসমৰ ভিতৰত বিজ্ঞান শাখাত প্ৰথমস্থান লাভ কৰা অবিনাশ কলিতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

অবিনাশ কলিতা : মাত্ৰ ১ নম্বৰৰ বাবে মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম হ’ব পৰা নাছিলো। শুভাকাংক্ষীসকলে উচ্চতৰ মাধ্যমিকত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিব লাগিব বুলি কৈছিল আৰু সেই উৎসাহ লৈয়েই অধ্যয়ন কৰি গৈছিলো।

পূৰ্বৰে পৰা মেডিকেল লাইনত যোৱাৰ কথা স্থিৰ কৰিছিলো। ইয়াৰ কাৰণে প্ৰস্তুতি কৰি আহিছিলো আৰু ভৱিষ্যতেও অৱ্যাহত থাকিব।

সমাজৰ সকলো ধনী শ্ৰেণীৰে মূল উদ্দেশ্য হ’ব লাগে যে তেওঁলোকে তলৰ শ্ৰেণীৰ লোকসকলৰ বাবে কাম কৰা উচিত।

কৃষ্ণা মহেশ্বৰী : মই বহুত আনন্দিত। মই পাৰ্য্যমানে কষ্ট কৰিছিলো কিন্তু এনেকৈ অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিম বুলি ভৱা নাছিলো।

এতিয়া মই কষ্ট এণ্ড মেনেজমেন্ট একাউন্টৰ পাঠ্যক্ৰম লৈ অধ্যয়ন কৰিম। তাৰ পাছত চাৰ্টাৰ্ড একাউন্টেটৰ পাঠ্যক্ৰম ল’ম।

Related News