NORTHEAST NOW (Assamese)

আজি নৰেন্দ্ৰ মোদীৰ জন্মদিন : কোন কোন বিৰোধীয়ে জনালে জন্মদিনৰ শুভকামনা?

September 17, 2023 5:57 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। পুৱাৰে পৰা দেশৰ বিভিন্ন ব্যক্তিয়ে শুভকামনাৰে উপছাই পেলাইছে নৰেন্দ্ৰ মোদীক। আনকি দেশৰ বিৰোধী নেতাসকলেও শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৩ সংখ্যক জন্মদিন। বিভিন্ন ৰাজ্য মুখ্যমন্ত্ৰীকে ধৰি আন নেতা-মন্ত্ৰীসকলেও শুভেচ্ছা জ্ঞাপন কৰিছে।

নৰেন্দ্ৰ মোদীক শাসনৰ পৰা উফৰাবলৈ চেষ্টা কৰিলেও বিৰোধী ঐক্যৰ ভালেকেইজন নেতায়ো শুভকামনা জনাইছে নৰেন্দ্ৰ মোদীক।

ৰাহুল গান্ধী, অভিষেক বেনাৰ্জী, নীতিশ কুমাৰৰ দৰে নেতাই প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত শুভেচ্ছা প্ৰেৰণ কৰে। কিন্তু ইয়াৰ বিপৰীতে ৰাজহুৱাকৈ জন্মদিনৰ শুভেচ্ছা প্ৰদান কৰাৰ পৰা বিৰত থকা দেখা গ’ল মমতা বেনাৰ্জী আৰু চুনীয়া গান্ধীয়ে। 

আজি পুৱাৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ আৰম্ভ কৰে নেতা-মন্ত্ৰীসকলে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ – সকলোৱে জন্মদিনৰ শুভেচ্ছা প্ৰেৰণ কৰে।

বিৰোধী দল এলায়েন্স ইণ্ডিয়াৰ সদস্যসকলৰ মাজৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেও জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ পৰা আৰম্ভ কৰি বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউ নেতা নীতিশ কুমাৰলৈকে সকলোৱে জন্মদিনৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে।  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ শুভেচ্ছা আৰু দীৰ্ঘায়ু কামনা কৰে সকলোৱে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনেও প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও শত্ৰুতা পাহৰি প্ৰধানমন্ত্ৰীৰ সুস্বাস্থ্য কামনা কৰে।

এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰেও প্ৰধানমন্ত্ৰী মোডীক জন্মদিনৰ শুভেচ্ছা জনায়। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নেও প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে।

Related News