NORTHEAST NOW (Assamese)

ওপৰলৈ ডাল-পত্ৰ, তললৈ গুৰি : কোনে সাজিলে এইটো ঘৰ?

April 22, 2023 4:56 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 22, 2023 5:10 pm

এটা আচৰিত ধৰণৰ ঘৰ নিৰ্মাণ কৰিছে কলম্বিয়াৰ এজন ব্যক্তিয়ে। সম্পূৰ্ণ ওলোটাকৈ এটা ঘৰ সাজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এইজন ব্যক্তিয়ে।

কলম্বিয়াৰ ৰাজধানী বগোটাৰ গুৱাটাভিটাত ফ্ৰিটজ শ্বাল নামৰ এজন ব্যক্তিয়ে এটা ঘৰ সাজিছে উলিয়াইছে, যিটো ঘৰৰ ভিতৰ আৰু বাহিৰ সম্পূৰ্ণ ওলোটাকৈ আছে। ঘৰটোত সোমালে এনে লাগে যেন ছাদখন ভৰিৰ তলত, মজিয়াৰ পৰা আচবাবলৈকে সকলো মূৰৰ ওপৰত।

শ্বালে এতিয়া পৰিয়ালৰ সৈতে কলম্বিয়াত থাকে। এনে এটা অদ্ভুত ঘৰ নিৰ্মাণৰ পৰিকল্পনা ২০১৫ চনত তেওঁৰ মনলৈ আহিছিল। সেই সময়ত তেওঁ অষ্ট্ৰিয়ালৈ ফুৰিবলৈ গৈছিল। আৰু তাত এটা ওলোটা ঘৰ এটা দেখি তেওঁ আচৰিত হ’ল। আৰু তেওঁ নিজেই এনে এটা ঘৰ সাজিবলৈ সিদ্ধান্ত লয়।

প্ৰথমতে যেতিয়া ফ্ৰিটজে নিজৰ পৰিয়ালক এনে এটা ওলোটা ঘৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা ক’লে, তেতিয়া সকলোৱে তেওঁক পাগল বুলি উপলুঙা কৰিলে। কিন্তু সকলোকে ভুল প্ৰমাণ কৰি অৱশেষত নিজৰ ইচ্ছা পূৰণ কৰি তেওঁ এতিয়া যথেষ্ট সুখী।

Related News