NORTHEAST NOW (Assamese)

এ এছ ভৰত কোন? আঘাতপ্ৰাপ্ত ঋষভ পণ্টৰ স্থানত ভাৰতীয় দললৈ পালে আমন্ত্ৰণ

January 18, 2020 7:25 am · এন ই নাও নিউজ
এ এছ ভৰত, উৎস-ইণ্টাৰনেট

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত আঘাতপ্ৰাপ্ত হোৱা ভাৰতৰ উইকেট কীপাৰ বেটছমেন ঋষভ পণ্টৰ স্থানত ভাৰতীয় দলত স্থান লাভ কৰিছে আন এগৰাকী যুৱ উইকেট কীপাৰ বেটছমেন এ এছ ভৰতক।

বি চি চি আইয়ে বৃহস্পতিবাৰে এ এছ ভৰতক ভাৰতীয় দলৰ বেকআপ উইকেটকীপাৰ হিচাপে দলত স্থান দিয়ে।

উল্লেখযোগ্য যে, ভাৰতীয় এ দলৰ হৈ নিউজিলেণ্ড ভ্ৰমণলৈ যোৱা বাবে সঞ্জু সেমছন আৰু ঈষাণ কিষাণ উপলব্ধ নহ’ল।

মুম্বাইৰ খেলখনত বেটিং কৰি থকা অৱস্থাত পণ্টে মুৰত আঘাত পাইছিল যাৰবাবে তেওঁ উইকেটকীপিং কৰিবলৈও খেলপথাৰত নমা নাছিল।

পণ্টৰ অনুপস্থিতিত কে এল ৰাহুলে উইকেটকীপিঙৰ দায়িত্ব চম্ভালিবলগীয়া হৈছিল।

উল্লেখযোগ্য যে, অন্ধ্ৰপ্ৰদেশৰ ২৬ বছৰীয়া কীপাৰ বেটছমেন এ এছ ভৰতে বৰ্তমানলৈ ৭৪ খন প্ৰথম শ্ৰেণীৰ খেলত অংশগ্ৰহণ কৰি ৯ টা শতক আৰু ২২ টা অৰ্ধশতক সহ মুঠ ৪১৪৩ ৰান সংগ্ৰহ কৰিছে।

ভৰতৰ নামত এটা দৰ্শনীয় ত্ৰিশতকীয় ইনিংছো আছে।

Related News