NORTHEAST NOW (Assamese)

১১ নবেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰিব নতুন মুখ্য ন্যায়াধীশে : কোন হয় সঞ্জীৱ খান্না?

November 9, 2024 1:42 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 9, 2024 6:39 pm

অহা ১০ নৱেম্বৰ, দেওবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে। বাৰাখাম্বা ৰোড মডাৰ্ণ স্কুলৰ প্ৰাক্তন ছাত্ৰ ন্য়ায়াধীশ সঞ্জীৱ খান্নাই সোমবাৰৰ পৰা মুখ্য ন্যায়াধীশৰ দায়িত্ব ল’ব।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি অক্টোবৰৰ শেষৰ ফালে ন্যায়াধীশ খান্নাৰ ওচৰলৈ এই খবৰ আহিছিল যে তেওঁ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’বলৈ গৈ আছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকলে তেওঁক এটা বাৰ্তা প্ৰেৰণ কৰে যে এতিয়াৰ পৰা তেওঁ অকলে মৰ্নিং ৱাক কৰিব নোৱাৰিব। তেওঁৰ লগত থাকিব নিৰাপত্তাৰক্ষী।

জানিব পৰা মতে, প্ৰতিদিনে পুৱা ন্যায়াধীশ খান্নাই লোধি গাৰ্ডেন এলেকাৰ লগতে ঘৰৰ আশে-পাশে অকলে কেইবা কিলোমিটাৰ খোজ কাঢ়ে। এইটোৱেই আছিল তেওঁৰ দৈনন্দিন কাম।

সঞ্জীৱ খান্না কোন?

ন্যায়াধীশ খান্নাই বাৰাখাম্বা ৰোড মডাৰ্ণ স্কুলৰ পৰা অধ্যয়ন কৰি ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি দিল্লী ইউনিভাৰ্চিটি কেম্পাছ ল চেণ্টাৰৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। সূত্ৰসমূহে দাবী কৰিছে যে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশগৰাকীয়ে এতিয়াও নিজৰ স্কুল, কলেজ আৰু কেম্পাছৰ আইন কেন্দ্ৰৰ বন্ধুসকলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছে।

তেওঁৰ বন্ধুসকলে কয় যে ন্যায়াধীশ খান্নাৰ স্কুল-কলেজীয়া দিনৰ পৰা বিশেষ পৰিৱৰ্তন হোৱা নাই। ন্যায়াধীশ খান্নাৰ এজন বন্ধুৰ ভাষাত, “তেওঁ সহজ, নিৰৱ। কেমেৰা আৰু প্ৰচাৰৰ পৰা আঁতৰি থকাটো পছন্দ কৰে।”

Related News