NORTHEAST NOW (Assamese)

ভাল ফিটনেছৰ পাছতো হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কিয়?

December 12, 2020 1:46 pm · এন ই নাও নিউজ

নৃত্য নিৰ্দেশক ৰেম’ ডিছুজাই শুকুৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱাৰ পাছত শাৰীৰিকভাৱে সুস্থ ব্যক্তি এগৰাকীয়ে কেনেদৰে হৃদৰোগত আক্ৰান্ত হ’ব পাৰে তাক লৈ অনুৰাগী সকলৰ মাজত চৰ্চা চলিছে।

ব্যক্তি এগৰাকী শাৰীৰিকভাৱে সুস্থ হ’লেও হাৰ্ট ৰোগত আক্ৰান্ত হ’ব পাৰে সেই কথা ৰেম’ ডিছুজাই হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত পুনৰ প্ৰমাণ হৈছে।

কি কি কাৰণত হৃদৰোগত আক্ৰান্ত হ’ব পাৰে-

ধুমপান- চিকিৎসা গৱেষণা অনুসৰি ধুমপান কৰা ব্যক্তি সকল হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। সেইবাবে আমি বিড়ি-চিগাৰেট খোৱা অভ্যাস বাদ দিব লাগে।

উচ্চ ৰক্তচাপ- উচ্চ ৰক্তচাপত ভোগা লোক সকলৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আটাইতকৈ অধিক। মেদবহুলতা, ডায়াবেটিছ আদিৰ কাৰণেও উচ্চ ৰক্তচাপ বৃদ্ধি পায়। সেইবাবে ব্যক্তিসকলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগে।

মেদবহুলতা- মেদবহুলতা হৃদৰোগত আক্ৰান্ত হোৱাৰ আন এক কাৰণ। মেদবহুলতাৰ ফলত শৰীৰত কলেষ্টৰেল বৃদ্ধি পায় যাৰ ফলত হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

ডায়বেটিছ- ডায়বেটিছ হৃদৰোগত আক্ৰান্ত হোৱাৰ আন এক মুখ্য কাৰণ। ডায়বেটিছৰ ফলত শৰীৰত গ্লুকজৰ পৰিমাণ বৃদ্ধি পায় আৰু ফলত ৰক্তচাপ বৃদ্ধি হয় আৰু ইয়াৰ ফলত হৃদৰোগত আক্ৰান্ত হ’ব পাৰে।

বংশগত কাৰণ- বংশগত কাৰণত বহুলোক হৃদৰোগত আক্ৰান্ত হয়। যিসকল ব্যক্তিৰ পৰিয়ালৰ পিতৃ-মাতৃ অথবা অন্যান্য লোক হৃদৰোগত আক্ৰান্ত হোৱাৰ ইতিহাস আছে সেই সকল লোকৰো হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

Related News