NORTHEAST NOW (Assamese)

কিহৰ দুখত সুন্দৰ চুলিকোচা কাটি পেলালে যুৱৰাজ পত্নী হেজেলে! 

October 21, 2023 12:46 pm · এন ই নাও নিউজ, গুৱাহাটী

এইবাৰ অভিনয় বা ক্ৰিকেটৰ বাবে নহয়, নিজৰ সুন্দৰ চুলিকোচা কটাই চৰ্চালৈ আহিছে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ পত্নী তথা জনপ্ৰিয় অভিনেত্ৰী হেজেল কিচ। 

কৰ্কট ৰোগীৰ মনোবল বৃদ্ধিৰ বাবে এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে হেজেলে। চুলি কাটি কেন্সাৰ ৰোগীক সহায় কৰাৰ সিদ্ধান্ত লৈছে যুৱৰাজ পত্নীয়ে।

নেটিজেনসকলেও তেওঁৰ এই সিদ্ধান্তৰ শলাগ লৈছে।

শেহতীয়াকৈ হেজেলৰ কোলালৈ আহিছে দ্বিতীয়টো সন্তান। প্ৰসৱৰ পিছত মহিলাৰ চুলি সৰা সমস্যা হয়। হেজেলো সন্মুখীন হৈছিল এই চুলি সৰাৰ সমস্যাৰ।

লগতে স্বামী যুৱৰাজ সিঙৰ কৰ্কট ৰোগৰ সময়ত কেমোথেৰাপি দিয়াৰ পিছত তেওঁৰ চুলিবোৰ কিদৰে সৰি গৈছিল সেয়া দেখিছিল হেজেলে।।গতিকে কেন্সাৰ ৰোগীৰ বেদনা তেওঁ বুজি পায়।

হেজেলে নিজৰ ইনষ্টাগ্ৰামত চুলি কটাৰ ফটোও শ্বেয়াৰ কৰিছে। তাই লিখিছে, “মোৰ চুলি সৰাৰ বাবেই মই মোৰ চুলিখিনি কেন্সাৰ ৰোগীৰ বাবে উইগ তৈয়াৰ বাবে দান কৰাৰ সিদ্ধান্ত লৈছিলো। মই সেইটো কৰিলোঁ। মই এই কামটো কৰিবলৈ সক্ষম হোৱাত বহুত সুখী।” 

হেজেলে লগতে কয় যে তেওঁ নিজৰ চুলিখিনি ব্ৰিটেইনৰ এটা ট্ৰাষ্ট ‘দ্য লিটল প্ৰিন্সেছ’ক দান কৰিছে। এই চুলিৰ সহায়ত কেমোথেৰাপিৰ ফলত চুলি সৰা কেন্সাৰ শিশু ৰোগীৰ বাবে উইগ তৈয়াৰ কৰা হ’ব। 

উল্লেখযোগ্য যে হেজেল কিচ এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। কিন্তু তেওঁ বলীউডৰ কেইবাখনো চিনেমাতো কাম কৰিছে। বিশেষকৈ ছলমান খান আৰু কৰীনা কাপুৰ অভিনীত বডিগাৰ্ডত কাম কৰি বলিউডত হেজেল জনপ্ৰিয় হৈ পৰে।

Related News