NORTHEAST NOW (Assamese)

মহেশ ভাটে কিয় নিজৰ জীয়েকক বিয়া কৰাব বিচাৰিছিল; কাৰণ জানি আচৰিত হ’ব আপুনি

January 20, 2020 4:43 pm · এন ই নাও নিউজ
Updated: January 20, 2020 7:45 pm

বলিউদৰ বৰ্ষীয়ান চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটে মাজে সময়ে যথেষ্ট বিতৰ্কিত মন্তব্য আগবঢ়াই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে।

কাজলক প্ৰয়োজনাধিক গুৰুত্ব দিয়া অভিনেত্ৰী, ‘বৰ্ফি’ক প্ৰয়োজনতকৈ বেছি ভাল চলচ্চিত্ৰ বুলি কোৱাৰ পৰা এ আই বিত অংশলোৱা সকলৰ ভিতৰত কিয় সোণাক্ষী সিনহাৰ নামত এফ আই আৰ দাখিল কৰা নহ’ল আদিকে ধৰি একাধিক বিস্ফোৰক মন্তব্য আগবঢ়াইছে মহেশ ভাটে।

আশীৰ দশকত এখন আলোচনীৰ কভাৰ শ্বুট সন্দৰ্ভত মহেশ ভাটে দিয়া এটা বিচিত্ৰ মন্তব্য কেতিয়াও পুৰণি নহয়।

আলোচনীখনৰ বেটুপাতৰ ছবিৰ বাবে মহেশ ভাটে তেওঁৰ কন্যাৰ সৈতে ওঠত ওঠ থৈ চুম্বন কৰা দেখা গৈছিল আৰু কৈছিল ‘‘তেওঁ যদি মোৰ ছোৱালী নহ’ল হেতেন মই তেওঁৰ প্ৰেমত পৰিলোহেতন আৰু তেওঁৰ সৈতে বিবাহ পাশত আবদ্ধ হলোহেতেন।’’

ফিল্মফেয়াৰ আলোচনীখনৰ মুখ্য শাৰী আছিল-‘‘যদি পুজা মোৰ কন্যা নহ’লহেতেন মই তেওঁৰ প্ৰেমত পৰিলোহেতেন আৰু বিয়া কৰালোহেতেন।’’

ইয়াৰ পাছতে সমগ্ৰ দেশত আলোচনীখনে খলকনি তুলিবলৈ সক্ষম হৈছিল।

বিতৰ্কিত বক্তব্য আৰু ব্যতিক্ৰমী চৰিত্ৰৰে পৰিচিত হ’লেও মহেশ ভাটে বলিউদক-চড়ক, আশ্বিকি, জখম, অৰ্থ, চৰঞ্চ আদি জনপ্ৰিয় ছবি উপহাৰ দি থৈছে।

ডেকা বয়সতে ভাটে লৰেণ ব্ৰাইটক বিয়া কৰাইছিল। ভাট আৰু লৰেণৰ সন্তান পুজা ভাট আৰু ৰাহুল ভাট। মহেশ ভাটৰ জনপ্ৰিয় ছবি আশ্বিকি তেওঁৰ আৰু লৰেণৰ প্ৰেম কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।

অতি চঞ্চল ব্যক্তিত্ব আৰু সুৰাৰ প্ৰতি আসক্ত মহেশ ভাটে পৰৱৰ্তী সময়ত অভিনেত্ৰী প্ৰবীণ বাবী আৰু চোনী ৰাজদানৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

মহেশ ভাট আৰু চোনী ৰাজদানৰ সন্তান আলিয়া ভাট আৰু চাহিন ভাট।

Related News