NORTHEAST NOW (Assamese)

দৰঙামেলাৰ লোমহৰ্ষক হত্যাকাণ্ড: পৰকীয়া প্ৰেমৰ বাবেই প্ৰেমিকৰে মিলি স্বামীক হত্যা কৰিছিল পত্নীয়ে!

October 19, 2021 3:53 pm · দীপক কুমাৰ পাঠক, বাক্সা
Updated: October 19, 2021 6:38 pm

বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ দৰঙামেলাৰ শশীপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ মূল নায়কক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ নেতৃত্বত, কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষী বিষয়া নীলভজ্যোতি নাথ আৰু দৰঙামেলা আৰক্ষী চকীৰ আৰক্ষী বিষয়া গোপাল দ’লেৰ সহযোগত সোমবাৰে নিশা চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা হয় হত্যাকাণ্ডৰ নায়ক ৪৫ বছৰীয়া জগবন্ধু মণ্ডল।

কুমাৰীকাটাৰ আঙৰকাটাৰ হাজংবস্তিৰ পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাণ্ডৰ মূল নায়ক জগবন্ধু মণ্ডলক।

জগবন্ধু মণ্ডলৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মৃত গোঁসাই বিশ্বাসৰ পত্নী হিমানী বিশ্বাসক।

নগাঁও জিলাৰ মায়ঙত ঘৰ মৃত গোঁসাই বিশ্বাসৰ আৰু ব্যৱসায় সূত্ৰে গোঁসাই বিশ্বাসে থাকিবলৈ লৈছিল দৰঙামেলাৰ শশীপুৰত।

হত্যাকাণ্ডত ব্যৱহৃত দা খনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

পৰকীয়া প্ৰেমৰ পৰিণতিতে গোঁসাই বিশ্বাসৰ পত্নী হিমানী বিশ্বাস আৰু জগবন্ধু মণ্ডলে গোঁসাই মণ্ডলক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

আটকাধীন জগবন্ধু আৰু হিমানীক বাক্সা জিলা সদৰ মুছলপুৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।

Related News