NORTHEAST NOW (Assamese)

চাঞ্চল্য! পত্নীয়ে পৰকীয়া প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে স্বামীক

September 14, 2023 3:46 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 14, 2023 3:21 pm

পৰকীয়া প্ৰেমেই নিজকে হত্যাকাৰীলৈ ৰূপান্তৰিত কৰিলে দুই নাৰী-পুৰুষক। পত্নীৰ পৰকীয়া প্ৰেমে মৃত্যু মাতি আনিলে স্বামীলৈ। জাগীৰোডত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা।

জাগীৰোডত নিজৰ পত্নীয়ে পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰিলে নিজৰ স্বামীক। বুধবাৰে নিশা সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড।

খবৰ অনুসৰি, জাগীৰোডৰ শিলভঙাত পৰকীয়া প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে হত্যা কৰিলে স্বামীক।

আচাদুৰ ৰহমান নামৰ লোকজনক নিচাজাতীয় দ্ৰব্য সেৱন কৰাই গাড়ীৰ ভিতৰত হত্যা কৰিলে পত্নী আৰু পত্নীৰ প্ৰেমিকে।

এইদৰে স্বামীক হত্যা কৰি হতাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল পত্নী আৰু পৰকীয়া প্ৰেমিকে।

এই ঘটনাৰ পিছত বুধবাৰে নিশাই জাগীৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পত্নী ফিৰ’জা খাতুন আৰু অবৈধ প্ৰেমিক ছফিকুল ইছলামক।

সূত্ৰ অনুসৰি, আৰক্ষীৰ জালত পৰিছে ৰণ্টু বৰদলৈ নামৰ গাড়ী চালকজনো। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Related News