NORTHEAST NOW (Assamese)

‘বিবাহৰ পাছত স্বামীক নিয়ন্ত্ৰণ নকৰিব, সন্তানৰ কথা চিন্তা কৰক’, কাক এই পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ?

October 15, 2025 8:56 pm · এন ই নাও নিউজ, গুৱাহাটী

বিবাহ বিচ্ছেদৰ গোচৰত উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ এহাল দম্পতীক বিশেষ পৰামৰ্শ আগবঢ়াইছে। সৰ্বোচ্চ ন্যায়ালয়ে দম্পতীহালক উদ্দেশ্যি কয় যে- ‘বিয়াৰ পাছত স্বামীক ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব নালাগে। বৰঞ্চ সন্তানৰ বিষয়ে চিন্তা কৰিব লাগে আৰু পৰিপক্ক তথা সংবেদনশীলভাৱে কাম কৰিব লাগে। নিজৰ অহংকাৰ একাষৰীয়া কৰি থৈ লৰা-ছোৱালীক কেনেদৰে ভালকৈ ৰাখিব পাৰি সেই বিষয়ে চিন্তা কৰক।’

এই বিবাহ বিচ্ছেদৰ গোচৰটোৰ শুনানি বুধবাৰে ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ আৰ মহাদেৱানৰ বিচাৰপীঠে গ্ৰহণ কৰে। বিচ্ছেদৰ বাবে আৱেদন কৰা স্বামী-স্ত্ৰী দুয়োজনেই চৰকাৰী কৰ্মচাৰী। স্বামী দিল্লীৰ ৰেলৱেৰ কৰ্মচাৰী। পত্নী ৰিজাৰ্ভ বেংকৰ এগৰাকী বিষয়া। সাত বছৰ পূৰ্বে ২০১৮ চনত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীহালৰ দুটা সন্তানো আছে। তীব্ৰ ঘৰুৱা বিবাদৰ বাবে ২০২৩ চনৰ পৰা স্বামী-স্ত্ৰীয়ে পৃথকে পৃথকে বাস কৰিবলৈ আৰম্ভ কৰে। মহিলাগৰাকী বৰ্তমান পিতৃ-মাতৃৰ সৈতে পাটনাত থাকে।

এই গোচৰটোত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ হৈছে যে স্বামী-স্ত্ৰীৰ মাজত হোৱা অশান্তিৰ বাবে শিশু দুটিৰ আটাইতকৈ বেছি ক্ষতি হৈছে। ন্যায়াধীশ বি ভি নাগাৰত্না আৰু আৰ মহাদেৱনে দম্পতীহালক সন্তানৰ কথা চিন্তা কৰিবলৈ পৰামৰ্শ দিয়ে। সন্তানৰ স্বাৰ্থতে দুয়োৱে বিবাদ নিষ্পত্তি কৰাৰ কথা চিন্তা কৰিব লাগে। লগতে উচ্চতম ন্যায়ালয়ে কয় যে বিবাহৰ পাছত স্বামীক নিজৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নালাগে।

Related News