NORTHEAST NOW (Assamese)

নগাঁৱৰ বালিজুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ; বন বিষয়াৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

November 4, 2019 8:53 am · ভাৰ্গব হাজৰিকা

মাত্ৰ এটা দিনৰ বিৰতিৰ অন্তত পুনৰ দেওবাৰে নগাঁৱৰ বালিজুৰিত পুৱাৰ পৰা নিশা পৰ্য্যন্ত বনৰীয়া হাতীয়ে উপদ্ৰৱ সৃষ্টি কৰে।

বনৰীয়া হাতীৰ এটা জাকে চাপানালাৰ নিকটৱৰ্ত্তী চামচকীত দোভাগ নিশা পৰ্য্যন্ত অৱস্থান কৰা বিপৰীতে বালিজুৰি অঞ্চলৰ কেইবাখনো গাঁৱৰ ধাননি পথাৰত এটা বনৰীয়া হাতীয়ে গোটেই দিনটো বিচৰণ কৰি উপদ্ৰৱ চলায়।

ফলত ধান খেতি বিনষ্ট হোৱাৰ বাবে ভুক্তভোগি কৃষক ৰাইজে ক্ষোভ প্ৰকাশ কৰে। ৰাইজৰ মতে, বনৰীয়া হাতীয়ে খেতি-পথাৰ বিনষ্ট কৰিলে কৃষকে পাব লগীয়া সাহাৰ্য্যও সংশ্লিষ্ট বিভাগটোৱে প্ৰদান কৰাত কৃপণালি কৰে।

আনহাতে কঠিয়াতলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ আধীনৰ হাতীখলি খণ্ড বন বিষয়াৰ কাৰ্যালয় নিচেই কাষতে যদিও হাতী খেদোৱাত বন বিভাগৰ আহি ৰাইজক কোনোদিন সহায় কৰা নাই বুলি স্থানীয় লোকে অভিযোগ কৰাৰ লগতে জনৈক মহন্ত নামৰ খণ্ড বন বিষয়া গৰাকীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে।

Related News