NORTHEAST NOW (Assamese)

কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত বিদ‍্যুৎপৃষ্ট হৈ বন‍্যহস্তীৰ মৃত‍্যু

March 11, 2022 3:39 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ
Updated: March 11, 2022 3:48 pm

কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত বন‍্যহস্তীৰ শোকাৱহ মৃত‍্যু।

বিদ‍্যুৎপৃষ্ট হৈ মৃত‍্যু বনৰীয়া হাতীটোৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

আজি পুৱতি নিশা কাজিৰঙা ৰাষ্টীয় উদ‍্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীটো ট্ৰেঞ্চফৰ্মাৰৰ সংস্পৰ্শলৈ আহে আৰু বিদ‍্যুৎপৃষ্ট হৈ মৃত‍্যুক সাৱটি লয়।

ট্ৰেঞ্চফৰ্মাটো বহু তলত সংস্থাপিত কৰি ৰখাৰ বাবেই হাতীটো ট্ৰেঞ্চফৰ্মাৰত লাগি মৃত্যুৰ মুখত পৰিবলগীয়া হয় বুলি বহুতে অভিযোগ কৰিছে।

ঘটনাস্থলীত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উপস্থিত হৈ সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰাৰ লগতে বিভাগীয় তদন্ত ঘোষণা কৰিছে।

Related News