NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা May 24, 2021 11:37 am
Kaliabor elephant killed final

কলিয়াবৰৰ কেলিডেন চাহ বাগিচাৰ হাতীগাঁও শাখাত বন্যহস্তীৰ সন্ত্ৰাসৰ ঘটনা সংঘটিত হৈছে।

দেওবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হৈছে। নিহত লোকজন হৈছে ৪(চাৰি) নং হাতীগাঁৱৰ জালাল উদ্দিন (৪৬)।

নিহত জালাল উদ্দিন কেলিডেন চাহ বাগিচাৰ পলিপেক শাখাৰ কৰ্মচাৰী আছিল।

নিশা প্ৰায় চাৰে ১১ বজাত বাহিৰলৈ ওলাই আহোতেই বনৰীয়া হাতীয়ে আক্ৰমণ কৰে লোকজনক।

নিশাই আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

ইফালে, অঞ্চলটোত দিনক দিনে বন্য হস্তীৰ সন্ত্ৰাস বৃদ্ধি পোৱা বুলি অভিযোগ কৰে স্থানীয় লোকসকলে।

জানিব পৰা মতে, বন্যাহস্তীৰ উপদ্ৰৱত নিশা উজাগৰে কটাবলগীয়া হৈছে স্থানীয় ৰাইজে।