NORTHEAST NOW (Assamese)
অসম

বন্যহস্তীৰ আতংক; চামগুৰিত বন্যহস্তীয়ে ভাঙিলে দুটাকৈ বাসগৃহ

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা December 21, 2019 7:04 am
WhatsApp Image 2019-12-20 at 5.52.03 PM

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা এক বন্যহস্তীৰ জাকে শুকুৰবাৰে নগাঁও জিলাৰ  চামগুৰিত তাণ্ডৱ চলাই দুটাকৈ বাসগৃহ লণ্ডভণ্ড কৰি  আতংকৰ সৃষ্টি কৰে।

জানিব পৰা মতে নিশা প্ৰায় দুই মান বজাত নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অধীনৰ উদমাৰী খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি অঞ্চলৰ হাঁহ চ’ৰা বৰালি গাঁৱত এটা বন্যহস্তীৰ জাকে প্ৰৱেশ কৰে।

গাঁওখনৰ বাসিন্দা ৰঞ্জিত দাস আৰু ভাগ্য দাসৰ বাসগৃহ হাতীৰ জাকটোৱে ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধান খাই তহিলং কৰাত কৃষক পৰিয়াল কেইটাই শোকত ভাগি পৰা পৰিলক্ষিত হয়।

এই কাণ্ড সংঘটিত কৰাৰ পাছত বন্যহস্তীৰ জাকটো চাপানলাৰ দিশে গুচি যায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

আনহাতে, পুৱা বন বিভাগৰ লোকক স্থানীয় লোকে খবৰ দিয়ে যদিও বহু পলমকৈ পৰিয়াল কেইটাৰ বাসগৃহত উপস্থিত হৈ ক্ষেত্ৰ পৰিদৰ্শন কৰে বুলি পৰিয়ালৰ লোক জানিবলৈ দিয়ে।