মৰ্মান্তিক! গোলাঘাটত হাতীৰ গচকত প্ৰাণ গ’ল আঠ বছৰীয়া শিশুৰ
গোলাঘাট জিলা সংঘটিত হৈছে এক শোকাৱহ ঘটনা ।
দেওবাৰে নিশা এটা বনৰীয়া হাতীৰ জাকে নুমলীগড়ৰ শ্যামৰাইপুৰ চাহ বাগিছাত প্ৰৱেশ কৰি এফালৰ পৰা ঘৰ দূৱাৰ সকল তহিলং কৰি যায়।
কেৱল এয়াই নহয় হাতীৰ জাকটোৰ আক্ৰমণত এটি ৮ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ লগতে আন দুজন ব্যক্তি গুৰুতৰভাবে আহত হয়। নিহত শিশুটিৰ নাম ৰোহিত কুমাৰ। আৰু আহত ব্যক্তি দুজন নিহত শিশুটিৰ পিতৃ-মাতৃ।
জানিব পৰা মতে খাদ্যৰ সন্ধান অহা হাতীৰ জাকটোৱে অঞ্চলটোত প্ৰৱেশ কৰিছিল। অঞ্চলটোত প্ৰৱেশ কৰি জাকটোৱে ৫০টাতকৈ অধিক বাসগৃহ ভাঙি চূৰমাৰ কৰে।
এই খবৰ লাভ কৰাৰ পিছত বন বিভাগৰ লোকে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে শিশুটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।