NORTHEAST NOW (Assamese)

গোৱালপাৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ : কৃষ্ণাইত হাতীৰ আক্ৰমণত এজন নিহত

December 9, 2020 5:37 pm · নীলমণি শৰ্মা
Updated: December 9, 2020 5:40 pm
প্ৰতিনিধিত্বমূলক ফ'টো, ফৎস- ইন্টাৰনেট

গোৱালপাৰা জিলাত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ৷

বিগত কেবাদিন ধৰি জিলাখনৰ দুধনৈ, ৰংজুলি, ধনুভাঙা আদি ঠাইত বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই থকাৰ মাজতে শেহতীয়াকৈ জিলাখনৰ কৃষ্ণাইৰ বিদ্যাপাৰাত যোৱানিশা হাতীৰ গচকত এজন লোকৰ প্ৰাণ যোৱাৰ লগতে আন এজন আহত হৈছে।

কৃষ্ণাইৰ বিদ্যাপাৰাত পুৱতি নিশা হাতীৰ এটা জাকক খেদিবলৈ যোৱা এগৰাকী লোকক আক্ৰমণ কৰে হাতীৰ জাকৰ পৰা ওলাই অহা হাতী এটাই আৰু থিতাতে নিহত হয় ফইজুৰ আলী নামৰ লোকজন।

ইফালে পিতৃক আক্ৰমণ কৰাৰ পিছতে পুত্ৰও আগবাঢ়ি যোৱাত হাতীটোৱে মহম্মদ আলী নামৰ লোক জনকো আক্ৰমণৰ কৰে৷

গুৰুতৰভাৱে আহত হোৱা মহম্মদ আলীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

ইমানতে ক্ষান্ত নাথাকি হাতীটোৱে গাঁৱৰ ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ চলায়৷

জানিব পৰামতে নিশা প্ৰায়েই এক বজাত খাদ্যৰ সন্ধানত বন্যহস্তীৰ এটা জাকে গাঁৱত প্ৰৱেশ কৰি ঘৰ ভাঙি তাণ্ডৱ চলায়৷

শেহতীয়াকৈ ধাননি পথাৰৰ পকা ধান  হাতীৰ জাকৰ লক্ষ্য হৈ পৰিছে৷

উল্লেখ্য যে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ প্ৰৱেশ কৰা বন্যহস্তীৰ জাকসমূহক পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাৰ ক্ষেত্ৰত কোনো ফলপ্ৰসু ব্যৱস্থা বন বিভাগে আজিলৈ গ্ৰহণ নকৰাৰ বাবেই জিলাখনত অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷

Related News