NORTHEAST NOW (Assamese)

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী লোকৰ মৃত্যু

June 28, 2020 7:29 pm · চাজিদ খান
প্ৰতিনিধিত্বমূলক ছবি

ভাৰত-ভূটান সীমান্তৰ বিটিএডি অঞ্চলত হাতী আৰু মানুহৰ মাজত সংঘাট অব্যাহত আছে।

শনিবাৰে নিশা ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ নোনাইপাৰা চাহ বাগিছাৰ ওচৰত বনৰীয়া হাতীয়ে কৰা আক্ৰমণত অমৰ চোনা (৩৮) নামৰ এগৰাকী লোকৰ মৃত্যু হয়।

বনৰীয়া হাতীয়ে অমৰ চোনাৰ বাসগৃহত আক্ৰমণ চলায় আৰু হাতীৰ গচকতে তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

লাভ কৰা খবৰ অনুসৰি, শনিবাৰে নিশা ভাৰত-ভূটান সীমান্তৰ পাহাৰৰ পৰা বনৰীয়া হাতীৰ এটা জাক খাদ্যৰ সন্ধানত ওলাই আহি নোনাইপাৰা চাহ বাগিছাৰ ওচৰত থকা জনাঞ্চলত প্ৰৱেশ কৰে।

বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোৰ বহুকেইটা ঘৰ ভাঙি তহিলং কৰাৰ উপৰিও অমৰ চোনা নামৰ লোক গৰাকীক আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ থকাৰ পাছত অমৰ চোনাৰ মৃত্যু হয়।

দেওবাৰে স্থানীয় ৰাইজে খঙত অগ্নিশৰ্মা হৈ নোনাই বন সংমণ্ডৰ কৰ্তৃপক্ষৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে।

”বনৰীয়া হাতীয়ে সমগ্ৰ গাঁও সমূহত আতংকৰ সৃষ্টি কৰিছে। গাঁৱবাসীয়ে বনৰীয়া হাতীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে যদিও বন বিভাগে এই কথাত কোনোধৰণৰ কান দিয়া পৰিলক্ষিত হোৱা নায়,” এগৰাকী লোকে অভিযোগ কৰি কয়।

Related News