NORTHEAST NOW (Assamese)

হাতী আৰু মানুহৰ সংঘাত; ওদালগুৰিত ৯০ বছৰীয়া বৃদ্ধাৰ কৰুণ মৃত্যু

July 10, 2020 6:29 pm · চাজিদ খান
বনৰীয়া হাতীৰ জাকৰ ফাইল ফটো

বিটিএডিৰ ভাৰত-ভূটান সীমান্তত হাতী আৰু মানুহৰ মাজত সংঘাত অব্যাহত আছে।

বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী ৯০ বছৰীয়া বৃদ্ধাৰ মৃত্যু হয়।

বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজন ওদালগুৰি জিলাৰ ১ নং বৰেংগাজুলিৰ মায়াৰাণী দাস বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে নিশা ভাৰত-ভূটান পাহাৰৰ পৰা বনৰীয়া হাতীৰ জাক এটা নামি আহি ১ নং বৰেংগাজুলিত প্ৰৱেশ কৰে আৰু হাতীৰ জাকটোৰ আক্ৰমণত মায়াৰাণী দাস নামৰ বৃদ্ধা মহিলা গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত মহিলা গৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

‘‘অঞ্চলটোত বনৰীয়া হাতীৰ তাণ্ডৱত সাধাৰণ ৰাইজৰ টোপনি নোহোৱা হৈছে। এই সম্পৰ্কে বন বিভাগক বহুবাৰ অৱগত কৰাৰ পাছতো তেওঁলোকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নায়,’’ বনপ্ৰাণী সুৰক্ষাৰ হকে কাম কৰি থকা নৱজ্যোতি বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে এইদৰে কয়।

Related News