NORTHEAST NOW (Assamese)
অসম

চুমা বাৰু খাম, কিন্তু কামুৰি নিদিবা: অনুগামী নানক পোপ ফ্ৰেন্সিছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 10, 2020 6:13 pm
Will give you a kiss, but don't bite: Pope Francis to nun

পোপ ফ্ৰেন্সিছে বুধবাৰে তেওঁক চুমা খোজা নান এগৰাকীক দিয়া সঁহাৰিয়ে মানুহ বিশেষকৈ অনুগামীসকলৰ মাজত নিৰ্মল আনন্দৰ ঢৌ তুলিছে।

ঘটনাটো ঘটিছিল ফ্ৰেন্সিছৰ সাপ্তাহিক জেনেৰেল অডিয়েন্সৰ সময়ত। তেওঁ সভাগৃহত ৰৈ থকা হাজাৰ হাজাৰ অনুগামীৰ মাজেৰে আগবঢ়াৰ সময়ত এগৰাকী নানে চুমা বিচাৰি চিঞৰি উঠে: “Bacio, Papa!” (এটা চুমা, পোপ!)

পিছে তুমি কামোৰা যদি, নানগৰাকীৰ প্ৰতি সঁহাৰি জনাই তেতিয়া পোপে কয়! “শান্ত হোৱা! মই বাৰু তোমাক চুমা দিম কিন্তু তুমি শান্ত হৈ থাকা। কামুৰি নিদিবা!”

নানগৰাকীয়ে অৱশ্যে নাকামোৰাৰ নিশ্চিতি দিয়ে আৰু পোপে তেওঁৰ সোঁ-গালত এটা চুমা দিয়ে আৰু মহিলাগৰাকী হৰ্ষোল্লিত হৈ উঠে।

“Grazie, Papa (ধন্যবাদ, পোপ),” নানগৰাকীয়ে কয়।

পূৰ্বৰ পোপসকলতকৈ ফ্ৰেন্সিছ নিজৰ সকলোৰে লগত মুকলিকৈ মিলামিচা কৰা স্বভাৱৰ বাবে জনাজাত।

কেথলিক খ্ৰীষ্টানসকলৰ মুৰব্বীজন বিশ্বৰ এজন সৰ্বাধিক প্ৰভাৱশালী ব্যক্তিত্ব। বিভিন্ন বিষয়ত তেওঁ আগবঢ়োৱা মত চৰ্চিত হৈ আহিছে।

শেহতীয়া ৩১ ডিচেম্বৰৰ উদযাপনত ফ্ৰেন্সিছে এগৰাকী মহিলাৰ হাতত ঠাপৰ মাৰি পিছত অনুশোচনা প্ৰকাশ কৰিছিল।

মহিলাগৰাকীয়ে ৮৩ বছৰীয়া পোপজনৰ হাতত ধৰি হঠাৎ জোৰেৰে টান মাৰি দিছিল।

পোপ ফ্ৰেন্সিছে নিজে কৰা কামটো “এটা বেয়া উদাহৰণ” বুলি উল্লেখ কৰি ক্ষমা খুজিছিল।