NORTHEAST NOW (Assamese)
Popular Stories

নতুন আঞ্চলিক ৰাজনৈতিক দলক পূৰ্ণ সমৰ্থন আগবঢ়াব কংগ্ৰেছে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 17, 2020 9:00 am
Tarun-Gogoi

২০২১ চনৰ পূৰ্বে যদি অসমত এটা বিকল্প আঞ্চলিক ৰাজনৈতিক দল গঠন হয় তেন্তে বিধানসভা নিৰ্বাচনত এই দলটোক পূৰ্ণ সমৰ্থন আগবঢ়াব অসম কংগ্ৰেছে।

বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা ব্যক্ত কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

‘যেতিয়া নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন হ’ব কংগ্ৰেছ দলে পূৰ্ণ সমৰ্থন আগবঢ়াব’, এই মন্তব্য গগৈৰ।

তেওঁ লগতে কয়, ‘বিজেপিৰ বিৰুদ্ধে যুঁজিবৰ বাবে আমি নতুন আঞ্চলিক দলটোক সমৰ্থন কৰিম’।

লগতে পঢ়ক : ফেব্ৰুৱাৰিত আছুৱে অংকুৰিত কৰিব দ্বিতীয়টো ৰাজনৈতিক দল

উল্লেখ্য যে কা বিৰোধী আন্দোলনৰ বিভিন্ন মঞ্চত বিকল্প আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বিষয়টো চৰ্চা হৈ থকাৰ সময়তে বুধবাৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে নতুন ৰাজনৈতিক দল গঠনৰ পদক্ষেপ ফেব্ৰুৱাৰি মাহৰ পৰা আৰম্ভ হ’ব বুলি মন্তব্য কৰিছিল।

তেওঁ কৈছিল, ‘অসমৰ মানুহে বিকল্প ৰাজনৈতিক শক্তিৰ কথা কৈ আছে আৰু আমি ফেব্ৰুৱাৰি মাহৰ পিছত এই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাম’।

আছুৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে বিভিন্নজনে নতুন ৰাজনৈতিক দল খোলাৰ পদক্ষেপক আদৰণি জনাইছে।