NORTHEAST NOW (Assamese)

অসমৰ আকাশত ভাৰতীয় বায়ুসেনা! জনসমুদ্ৰত স্তব্ধ একাংশ নাগৰিকৰ জীৱন

November 9, 2025 7:43 pm · এন ই নাও নিউজ, গুৱাহাটী

জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এতিয়াও সৰল মনৰ ব্যক্তি জুবিন গাৰ্গ ন্যায় বিচাৰি আছে। #JusticeForZubeenGarg ৰ ট্ৰেণ্ডে পাৰ কৰিলে ৫ মিলিয়ন। অৰ্থাৎ ৫০ লাখ অতিক্ৰম কৰিলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি কৰা হেছটেগে। এতিয়াও জুবিনৰ প্ৰকৃত হত্যাকাৰী কোন বা ১৯ চেপ্তেম্বৰৰ দিনা প্ৰকৃততে কি হৈছিল সেয়া জানিবলৈ উদ্বাউল হৈ আছে সকলো। তেনে সময়তে ৰাইজৰ মন সেই কথাৰ পৰা আঁতৰাবলৈ অহৰহ চেষ্টা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে যোৱা অক্টোবৰৰ ৮ তাৰিখেই পাৰ হৈ গল ৯৩ সংখ্যক বায়ু সেনা দিৱস। অৰ্থাৎ তাৰ এমাহৰ পাছত গুৱাহাটীৰ লাচিত ঘাটত বিশেষ-বিশেষ বিমানৰে কলা কৌশল প্ৰদৰ্শন কৰিলে। পূৰ্বতে পশ্চিমবংগ বা অন্যান্য ৰাজ্যত অনুষ্ঠিত হোৱা এই অনুষ্ঠান প্ৰথমবাৰলৈ অনুষ্ঠিত হল অসমত। দুপৰীয়া ১২:৩০ বজাৰ পৰা ২ বজালৈকে গুৱাহাটীৰ লাচিত ঘাটৰ আকাশত বিশেষ বিমানৰ কলা কৌশলৰ দৃষ্টিনন্দন দৃশ্য চাবলৈ ৰাইজে লগালেহি হেতা ওপৰা।

বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি। ছাতি লৈয়ো হাজাৰ হাজাৰ লোক আহি উপস্থিত হলহি লাচিত ঘাটত। জাহাজৰ ওপৰত, অট্টালিকাৰ ওপৰত উঠিও দৃষ্টিনন্দন দৃশ্য উপভোগ কৰিলে ৰাইজে। কিন্তু আজিৰ দিনটোত এই কাৰ্যসূচীয়ে সৃষ্টি কৰিলে তীব্ৰ যান-জঁটৰো। স্বয়ং মুখ্যমন্ত্ৰীয়ে ফাঁচী বজাৰত ট্ৰেফিক জামত বহুত সময় আবদ্ধ হবলগীয়া হল। ভিৰৰ মাজতো একাংশই কলে Justice For Zubeen Garg।

Related News