NORTHEAST NOW (Assamese)

এটা চিঙৰাক কেন্দ্ৰ কৰি হত্যা! বৃদ্ধক তৰোৱালেৰে আক্ৰমণ মহিলাৰ

October 22, 2025 6:53 pm · এন ই নাও নিউজ, গুৱাহাটী

এটা ছিঙৰাক লৈ হোৱা বিতৰ্কৰ বাবে বিহাৰত ঘটিল হত্যাকাণ্ড! এগৰাকী মহিলাৰ বিৰুদ্ধে তৰোৱালেৰে হত্যা কৰাৰ অভিযোগ উঠিছে। এই ঘটনাই বিহাৰৰ ভোজপুৰ জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে পলাতক অভিযুক্তৰ সন্ধান আৰম্ভ কৰিছে।

ঘটনা অনুসৰি এটা শিশুৱে ছিঙৰা কিনিবলৈ যোৱাৰ পৰাই এই ঘটনাৰ আৰম্ভণি হৈছিল। দোকান এখনলৈ গৈ তাতে তেওঁক আন একাংশ নাবালকৰ আক্ৰমণৰ বলি হয়। অভিযোগ অনুসৰি শিশুটিৰ পৰা ছিঙৰাটো কাঢ়ি লৈ ​​মাৰপিট কৰে। পয়ষষ্ঠি বছৰীয়া চন্দ্ৰমা যাদৱে এই হুলস্থুলৰ কথা জানিব পাৰি তালৈ যায়। আৰু তাৰ পিছতেই এই হুলস্থুল আৰম্ভ হোৱা বুলি দাবী কৰা হৈছে। ঘটনাৰ খবৰ দিবলৈ ওচৰৰ ঘৰ এটালৈ যাওঁতে সেই ঘৰৰ এগৰাকী মহিলাৰ লগত কাজিয়াত লিপ্ত হয়। আৰু তাৰ পাছত খঙাল মহিলাগৰাকীয়ে তৰোৱাল এখন উলিয়াই আনি বৃদ্ধগৰাকীৰ মূৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। তাৰ পাছত খৰধৰকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়

তিনিদিন চিকিৎসালয়ত থকাৰ পিছত অৱশেষত বৃদ্ধগৰাকীৰ মৃত্যু হয়। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। ইফালে অভিযুক্ত মহিলাগৰাকী বৰ্তমান পলাতক হৈ আছে। অভিযোগকাৰীয়ে মহিলাগৰাকীৰ সন্ধান আৰম্ভ কৰিছে। ইতিমধ্যে এফআইআৰ দাখিল কৰা হৈছে।

Related News