NORTHEAST NOW (Assamese)

বজালী : বিয়া কৰাবলৈ অস্বীকাৰ কৰিলে মৰমৰ ভিনিহিয়েকে! খঙতে যৌনাংগ কাটি পেলালে খুলশালীয়েকে

September 24, 2024 3:16 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বজালী জিলাৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে এজন পুৰুষৰ যৌনাংগ কাটি পেলালে এগৰাকী মহিলাই। জানিব পৰা মতে, দুয়োৰে মাজত সম্পৰ্ক ভিনিহি-খুলশালীৰ। দুয়ো বিবাহিত।

খবৰ অনুসৰি যোৱা নিশা (২৩ ছেপ্টেম্বৰ) এই কাণ্ড সংঘটিত হয়। নিশা মহিলাগৰাকীয়ে অন্তৰংগ ভিনিহিয়েকক বিয়া কৰাবলৈ প্ৰস্তাৱ দিয়ে। কিন্তু ভিনিহিয়েকে সেই প্ৰস্তাৱ অস্বীকাৰ কৰাৰ পিছতে ক্ষোভত মহিলাগৰাকীয়ে ভিনিহিয়েকৰ পুৰুষাংগত চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে।

আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমান তেওঁ গুৱাহাটীত চিকিৎসাধীন হৈ আছে।

স্থানীয় ৰাইজৰ মতে, ছাইফুল ইছলাম নামৰ লোকজনে নিজৰ খুলশালীয়েকৰ লগত গোপনে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিছিল। যোৱা ৭ বছৰ ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক চলি আছিল।

নিজৰ স্বামী আঁতৰত থকাৰ সুযোগ গ্ৰহণ কৰি ভিনিহিয়েকৰ লগত প্ৰেমৰ সম্পৰ্ক চলাই গৈছিল খুলশালীয়েকে।

ইতিমধ্যে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীৰ ঘটনাত ব্যৱহাৰ হোৱা অস্ত্ৰও আৰক্ষীয়ে উদ্ধাৰ কৰিছে। ঘটনাৰ তদন্ত অব্যাহত আছে।

Related News